কঙাল পাকিস্তানক ছৌদি আৰবে দিব তিনি বিলিয়ন ডলাৰৰ আর্থিক সাহায্য

img

পাকিস্তানে সম্প্রতি গভীৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে। দেশখনত মূল্যবৃদ্ধিয়ে আকাশলংঘী ৰূপ ধাৰণ কৰাৰ বিপৰীতে আর্থিক ব্যৱস্থা পথচ্যুত হৈছে।

পাকিস্তানৰ বিদেশী মুদ্ৰাৰ ভঁৰাল এক প্ৰকাৰ খালি হৈছে। আৰু ঋণ বিচাৰি ইমৰান খানৰ চৰকাৰে হাহাকাৰ কৰিব লগা হৈছে।

অৱশ্যে এনে পৰিস্থিতিতে পাকিস্তানক বিত্তীয় দিশত সহায় কৰাৰ বাবে আগবাঢ়ি আহিল ছৌদি আৰৱ। ছৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন ছলমান বিন আব্দুলাজিজ অল ছৌডে পাকিস্তানক তিনি বিলিয়ন ডলাৰৰ বিত্তীয় সাহায্য প্রদানৰ সিদ্ধান্ত লৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছৌদি আৰৱৰ ফাণ্ড ফ’ৰ ডেভেলপমেন্ট তৰফৰ পৰা পাকিস্তানৰ কেন্দ্ৰীয় বেংকত তিনি বিলিয়ন ডলাৰ জমা দিয়া হ’ব।

পাকিস্তানক বিত্তীয় দিশত সহযােগিতা প্রদান আৰু দেশখনৰ বৈদেশিক মুদ্রাৰ অভাৱ পূৰণৰ বাবে ছৌদি আৰৱে এই পদক্ষেপ গ্রহণ কৰিব।

উল্লেখ্য যে যােৱা ২৩-২৫ অক্টোবৰত ইমৰানে ছৌদি আৰৱত আছিল আৰু সেই সময়তে পাকিস্তানৰ প্ৰধানমন্ত্রীয়ে ছৌদি যুৱৰাজক সাক্ষাৎ কৰি বিত্তীয় সহায় বিচাৰিছিল।

Exit mobile version