তালিবানৰ দখলৰ পাছত যুদ্ধবিধ্বস্ত আফগানিস্তান ত্যাগ কৰিলে ৩৫ লাখ নাগৰিকে

afghan refugee afghanistan pakistan

ৰাষ্ট্ৰসংঘৰ শৰণার্থী বিষয়ক প্রতিষ্ঠান ইউ এন এইচ চি আৰ-এ প্রকাশ কৰা তথ্য অনুসৰি, যুদ্ধবিধ্বস্ত দেশ আফগানিস্তানৰ পৰা কমেও ৩৫ লাখ নাগৰিকে আন দেশত আশ্রয় গ্রহণ কৰিবলৈ বাধ্য হ’ল।

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিত দেশখনৰ নাগৰিকসকল আর্থিক দিশত জুৰুলা হােৱাৰ লগতে চৰম ত্ৰাসৰ সন্মুখীন হৈছে।

যুদ্ধত আশ্রয়হীন হােৱা লাখ লাখ নাগৰিকে আফগানিস্তান ত্যাগ কৰি প্রতিবেশী দেশত শৰণার্থী হিচাপে আশ্রয় ল’বলৈ বাধ্য হৈছে বুলি ইউ এন এইচ চি আৰৰ প্রতিবেদনত উল্লেখ কৰা হৈছে।

তালিবানে আফগানিস্তান দখল কৰাৰ পাছত হেজাৰ হেজাৰ আফগান নাগৰিকে পাকিস্তানৰ চমন-স্পিন বলডাক সীমান্তত আশ্রয় গ্রহণ কৰিছে।

আফগান শৰণাৰ্থীসকলৰ ৯০ শতাংশক পাকিস্তান আৰু ইৰানে আশ্রয় দি আহিছে।

Exit mobile version