নাৰী নিৰ্যাতনক বিষয়বস্তু হিচাপে লৈ নতুন অসমীয়া ছবি কুকি

cq5dam.thumbnail.cropped.750.422

সম্প্ৰতি সংঘটিত হৈ থকা নাৰী নিৰ্যাতনক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ হ’ব এখন পূৰ্ণদৈর্ঘৰ অসমীয়া ছবি । নিৰ্যযাতনৰ বলি হোৱা এগৰাকী নাৰীয়ে আদালতৰ মজিয়াত বাস্তৱত ন্যায় লাভ কৰেনে ! নিৰ্যাতনৰ বলী হোৱা নাৰীগৰাকীৰ মানসিক সংঘাট কেনে হয় ? এই বিষয়বস্তুক সামৰি এটা সঁচা কাহিনীৰ পটভূমিত এন আই আৰ আই ৯ৰ প্ৰযোজনাত নিৰ্মাণ হ’ব কুকি নামৰ অসমীয়া ছৱিখন ৷

ছবিখনৰ এক গুৰুত্বপূৰ্ণ ভূমিকাত মুম্বাইত প্ৰতিষ্ঠিত অভিনেতা আদিল হুছেইনৰ বিপৰীতে কুকিৰ চৰিত্ৰত অভিনয় কৰিব নৱাগতা ৰিতিশা খাউণ্ডে ৷ অহা ডিচেম্বৰ মাহত দৃশ্যগ্ৰহণ আৰম্ভ হ’ব ছবিখনৰ ৷

উল্লেখযোগ্য যে, তেজপুৰতেই ৯০শতাংশ শ্বুটিং সম্পূৰ্ণ হ’ব বুলি আজি তেজপুৰস্হিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত জনালে ছবিখনৰ প্ৰজোযিকা জোনমণি দেৱী খাউণ্ডে ৷ তেওঁ কয় যে, তেজপুৰৰ এগৰাকী নাৰীৰ জীৱনৰ কাহিনীক লৈ নিৰ্মাণ হ’বলগীয়া ছবিখনৰ কাহিনী প্ৰণৱ জ্যোতি ডেকাৰ ৷ চিত্ৰনাট্য প্ৰণৱজ্যোতি আৰু বিষ্ণুজ্যোতি সন্দিকৈৰ ৷

ছবিখনত প্ৰয়োজন হ’ব প্ৰায় ১৫০ গৰাকী অভিনেতা অভিনেত্ৰীৰ ৷ সেয়ে অহা ৩১ অক্টোবৰত তেজপুৰ কলাভূমিত অভিনেতা-অভিনেত্ৰীৰ সন্ধানত এক অ’ডিচনৰ ব্যৱস্থা কৰিছে ৷ অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতেই নিৰ্মাণ হ’ব লগা ছবিখনৰ বিষয়বস্তুক দৰ্শকে আদৰি ল’ব বুলি আশাবাদী প্ৰযোজক-পৰিচালক ৷

Exit mobile version