ভৰলুমুখৰ পৰা উত্তৰ গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান এখন দলং । দলংখনৰ বাবে গুৱাহাটীৰ ভৰলুমুখৰ শংকৰদেৱ উদ্যানৰ নৈপাৰৰ এটা বৃহৎ অংশ বেৰি লোৱা হৈছে । সেই অংশত আছে কে’বাজোপাও ডাঙৰ গছ । এই গছ কেইজোপা কটা যোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ তথা সচেতন নাগৰিক । যাৰ বাবে দলঙৰ কাম প্ৰস্তাৱিত হোৱাৰে পৰা স্থানীয় ৰাইজ, নাগৰিক সমিতিয়ে প্ৰতিবাদ জনাই আহিছে ।
বৃহস্পতিবাৰেও উদ্যানখনৰ এই এই ধ্বংস কাৰ্যৰ বিৰোধীতাৰে স্থানীয় ৰাইজে পুৱা ৭.৩০ বজাত প্ৰতিবাদী মানৱ-শৃংখল (Human Chain) কাৰ্যসূচী ৰূপায়ন কৰে । জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতীকে ধৰি সমাজৰ বিভিন্ন সম্প্ৰদায়ৰ শতাধিক লোকে হাতে-হাতে প্লেকাৰ্ড লৈ এই মানৱ-শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ।
নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে শংকৰদেৱ উদ্যানৰ এটা অংশ অধিগ্ৰহণ কৰা নচলিব, শংকৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য বন্ধ কৰক, উদ্যানৰ গছ-গছনি কটা নচলিব ,শংকৰদেৱ আৰু আজান-পীৰ উদ্যানৰ উন্নয়নৰ ব্যৱস্থা কৰক, শংকৰদেৱ পাৰ্কৰ ভিতৰত প্ৰস্তাৱিত নিৰ্মাণ কাৰ্য বন্ধ ৰাখক ইত্যাদি দাবী উত্থাপন কৰে ।
উল্লেখ্য, উদ্যানৰ মাটিত কৰা অধিগ্ৰহণ তথা প্ৰস্তাৱিত নিৰ্মাণ কাৰ্য অতি সোনকালে বাতিল কৰাৰ দাবীত ইতিমধ্যে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী স্থানীয় বিধায়ক, জিলা উপায়ুক্ত, GMDAৰ মুখ্য কাৰ্যবাহী বিষয়া, সংশ্লিষ্ট PWD(Road)ৰ অভিযন্তা, বন বিভাগৰ DFO, লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে । পৰিতাপৰ বিষয় যে এই দাবীৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ।
শংকৰদেৱ উদ্যানখনৰ এই ধ্বংস কাৰ্য তৎক্ষনাত বন্ধ নহ’লে অসংখ্য গছ-গছনি কটা যোৱাৰ লগতে অসমৰ কে’বাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ আবক্ষ মূৰ্তি ধ্বংস হোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে । কাৰ্যসূচীত অংশ লৈ ‘নাগৰিক সন্ময়ণৰক্ষী সমিতিৰ সভাপতি খনিন্দ্ৰ লাল শৰ্মাই এই দাবী আদায় নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাত সকলোৰে সহযোগিতা কামনা কৰে ।