সুলভ মূল্যৰ সামগ্ৰী যোগানত হীন-দেৰী, কয়াকুছিৰ দোকানী গ্ৰেপ্তাৰ

Screenshot 2021 10 28 18 01 27 82 a23b203fd3aafc6dcb84e438dda678b6

বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ নিৰ্দেশ মৰ্মে আজি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিতৰণত অনিয়ম কৰাৰ অভিযোগত সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ এজন দোকানীক গ্ৰেপ্তাৰ কৰা হয় । উপায়ুক্তৰ নিৰ্দেশ মৰ্মে আজি অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ নেতৃত্বত যোৱা যোগান বিভাগৰ এটা দলে কয়াকুছি বজাৰত অভিযান চলাই সুলভ মূল্যৰ দোকানী মংগল আলীৰ দোকানত গুৰুতৰ বিসংগতি ধৰা পেলায় ।

উল্লেখ্য যে উক্ত দোকানীজনৰ বিৰুদ্ধে গ্ৰাহকক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আৰু অন্যান্য সামগ্ৰী কমকৈ দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছিল । তদন্তৰ সময়ত দোকানীজনে তদন্তকাৰী দলটোক কোনো নথিপত্ৰ দেখুৱাব পৰা নাছিল । ৰাইজৰ অভিযোগ আৰু তদন্তৰ সময়ত গুৰুতৰ বিসংগতি পৰিলক্ষিত হোৱাত দোকানীজনৰ বিৰুদ্ধে কয়াকুছি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হয় । সেই মৰ্মে বৰপেটা থানাৰ অন্তৰ্গত কয়াকুছি আৰক্ষী চকীৰ আৰক্ষীয়ে ইতিমধ্যে দোকানীজনক গ্ৰেপ্তাৰ কৰিছে । দোকানখনৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ ২.৫ কুইন্টল চাউল আৰু ৪০০ লিটাৰ কেৰাচিন জব্দ কৰিছে ।

Exit mobile version