China : চীনৰ নতুন সীমান্ত আইন কি ? কিয় বিৰোধিতা কৰিছে ভাৰতে ?

India china army 1200

২৩ অক্টোবৰত, নেচনেল পিপলছ কংগ্রেছৰ স্থায়ী কমিটী, চীনৰ আনুষ্ঠানিক কিন্তু শীর্ষ আইন প্রণয়ন সংস্থাই, দেশৰ স্থল সীমান্ত অঞ্চলৰ সুৰক্ষাৰ বাবে এটা নতুন ভূমি আইন পাছ কৰিছে, যিটো এক জানুৱাৰীৰ পৰা কার্যকৰী হ’ব ।

আইনটো যদিও বিশেষভাৱে ভাৰতৰ স’তে সীমান্তৰ বাবে নহয়; কিন্তু ভাৰতৰ স’তে ৩,৪৮৮ কিলোমিটাৰ সীমান্তক লৈ বিতর্ক আছে আৰু কিছুসংক্য়ক বিশেষজ্ঞই ধাৰণা কৰছে যে, ই ১৭ মাহ ধৰি চলি থকা সামৰিক অচলাৱস্থাৰ সমাধানত আৰু বাধা সৃষ্টি কৰিব পাৰে । অন্যসকলৰ মতে আইনটো কেৱল মাত্র শব্দ, প্ৰকৃততে সম্পর্কক তিক্ত কৰিছে তেওঁলোকৰ কার্যকলাপে ।

সীমান্ত প্রতিৰক্ষা শক্তিশালী কৰিবলৈ, অর্থনৈতিক আৰু সামাজিক উন্নয়নত সহায় কৰাৰ লগতে সীমান্ত অঞ্চলত উন্মুক্তকৰণ, এনে ধৰণৰ অঞ্চলত জনসেৱা আৰু পৰিকাঠামোৰ উন্নয়ন, জনগণৰ জীৱন আৰু সেই ঠাইত কাৰ্যক উৎসাহিত কৰিবলৈ আৰু সীমান্ত প্রতিৰক্ষাৰ মাজত সমন্বয় বৃদ্ধি কৰিবলৈ ৰাষ্ট্রই বিভিন্ন কাম কৰিব পাৰে । সীমান্ত অঞ্চলত সামাজিক, অর্থনৈতিক উন্নয়নতো কাম কৰিব পাৰে তেওঁলোকে ।

এই সীমান্ত অঞ্চলত সাধাৰণ মানুহক বসতি স্থাপনৰ বাবে পৰামর্শ দিছে । আইনটোত চীনক “বিৰোধ আৰু দীর্ঘস্থায়ী সীমান্ত সমস্যাবোৰ সঠিকভাৱে সমাধানৰ বাবে আলোচনাৰ মাধ্যমত প্রতিবেশী দেশবোৰৰ স’তে স্থল সীমান্ত সম্পর্কিত বিষয়সমূহ পৰিচালনা কৰিবলৈ, সমতা, পাৰস্পৰিক বিশ্বাস আৰু বন্ধুত্বপূর্ণ পৰামর্শৰ নীতিবোৰ অনুসৰণ কৰিবলৈ কোৱা হয়”।

ভাৰতসহ ১৪খন দেশৰ স’তে চীনৰ ২২,৪৫৭ কিলমিটাৰৰ স্থল সীমান্ত আছে । এই সীমান্তৱর্তী দেশবোৰৰ ভিতৰত আছে মংগোলিয় আৰু ৰাছিয়া । যদিও ভাৰতৰ মত, এই দেশবোৰৰ স’তে চীনৰ সীমান্ত সম্পর্কিত কোনো সমস্যা নাই । ভাৰতৰ বাহিৰে কেৱল ভূটানৰ স’তে তেওঁলোকৰ ৪৭৭ কিলমিটাৰ দৈৰ্ঘৰ সীমান্তত সমস্যা আছে ।

পূৱ লাদাখৰ সমস্যা সমাধানৰ বাবে দীর্ঘস্থায়ী আলোচনাৰ সময়ত চীনৰ সীমান্তক “পৱিত্ৰ আৰু অলংঘনীয়” কৰি তোলা এটা আইনৰ ঘোষণাৰ ইংগিত কৰি বেইজিঙে বর্তমান অৱস্থানত তাৰ অস্তিত্ব অধিক মজবুত কৰিব পাৰে । এই আইনৰ ফলত  Line of Actual Control-ৰ সম্পূর্ণ দায়িত্ব PLA-ৰ হ’ব । ইপিনে, ভাৰতৰ সীমান্তৰ দায়িত্ব গৃহমন্ত্রণালয় আৰু প্রতিৰক্ষা মন্ত্রণালয়ৰ ভিতৰত কাৰ হাতত থাকিব সেই সংক্রান্তত দ্বন্দ্ব আছে ।

পর্যবেক্ষকসকলৰ মতে, এই আইন প্রণয়নৰ ফলত PLA এতিয়া চীনৰ সীমান্তৰ অখণ্ডতা, সার্বভৌমত্ব ৰক্ষা কৰিবলৈ বাধ্য আৰু ইয়াৰ ফলত ভাৰতে সহজে চীন সিমান্তত তেওঁলোকৰ অৱস্থানৰ পৰা আঁতৰি আহিব নোৱাৰিব ।

বর্তমান অচলাৱস্থাৰ মাজতে এই আইন পাছ কৰি এটা স্পষ্ট বার্তা দিয়া হৈছে । সম্প্ৰতি যিহেতু এটা আইন তৈয়াৰ হৈছে, পৰৱর্তী সময়ত কোনো চুক্তিৰ স’তে আপোচ কৰাত সমস্যা হ’ব । এই আইনৰ ফলত আগন্তুক সময়ত আলোচনা আৰু কঠিন হ’ব । তেওঁলোকে ভাৰতৰ পৰা আৰু বহু দাবী কৰিব পাৰে ।

Exit mobile version