মৃত্যুৰ বাতৰি সঁচা নাছিল :প্ৰথমবাৰলৈ আত্মপ্ৰকাশ তালিবানৰ সৰ্বোচ্চ নেতা অখুগুজাদাৰ

haibatullah akhundzada

তালিবানৰ সর্বোচ্চ নেতা হেইবতুল্লাহ অখুগুজাদাই প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আত্মপ্রকাশ কৰিলে। তালিবানৰ শীর্ষ নেতাজনে জেহাদী সংগঠনটোৰ জন্মস্থান কান্দহাৰত নিজৰ সমৰ্থকক এখন সভাত সম্বোধন কৰে।

উল্লেখ্য যে পূর্বে প্রকাশিত এক প্রতিবেদনত দাবী কৰা হৈছিল যে ২০২০ তে অধুগুজাদাৰ মৃত্যু হৈছিল। সেই সময়ত অৱশ্যে তালিবানে এই খবৰ অস্বীকাৰ বা সমৰ্থন কৰা নাছিল। ২০১৬ত আখতার মনছৰৰ মৃত্যুৰ পাছত অখগুজাদা তালিবানৰ মুৰব্বী নির্বাচিত হৈছিল।

সেই সময়ৰে পৰা অখুগুজাদাই বিশ্বৰ সবাতোকৈ শক্তিশালী ইছলামিক জেহাদী সংগঠনটো পৰিচালনা কৰি আহিছে। যোৱা আগষ্টত তালিবানে কাবুল পুনৰ দখল কৰাৰ পাছৰে পৰা অখুণ্ডজাদাৰ ভূমিকাক লৈ বিভিন্ন বা-বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে।

শেহতীয়াকৈ তালিবানে সামাজিক মাধ্যমৰ জৰিয়তে এটা অডিঅ’ বাৰ্তা প্ৰচাৰ কৰি কয় যে অখুগুজাদাই নিজৰ যুঁজাৰু তথা বাহাদুৰ সৈনিকসকলৰ স’তে মত বিনিময় কৰিবলৈ দারুল উলুম হকিমা মাদ্রাছালৈ গৈছিল।

ৰাজহুৱা অনুষ্ঠানটোত অংশ লৈ অথুগুজাদাই কয় যে আফগানিস্তানৰ পীড়িত লোকসকলৰ প্ৰতি আল্লাহে দয়া প্ৰদৰ্শন কৰক, কিয়নো এইসকল লোকে বিগত ২০ বছৰ ধৰি কাফিৰ আৰু উৎপীড়নকাৰীৰ বিৰুদ্ধে যুঁজ দি আহিছে।’

১০ মিনিটৰ উক্ত অডিঅ’ বাৰ্তাত অখুণ্ডজাদাই কয় যে তালিবানে কাফিৰ বিৰুদ্ধে যুঁজ দি আহিছে। উল্লেখ্য যে অনুগুজাদাক ‘অমীরুল মমিনীন’ নামৰে জনা যায়। ইয়াৰ অৰ্থ হৈছে বিশ্বাসী কমাণ্ডাৰ। অনুৰাগীসকলে অখুগুজাদাক এই উপাধি প্ৰদান কৰিছিল।

অখুগুজাদাৰ শেহতীয়া ৰাজহুৱা আত্মপ্ৰকাশৰ পাছত তালিবানৰ শীর্ষ নেতাজন যে জীৱিত আছে সেই কথা প্রমাণিত হ’ল।

Exit mobile version