ৰাজ্যসভাৰ দুই আসনত উপনির্বাচন 

New Delhi government block 03 2016 img3

অহা ২৯ নৱেম্বৰত ৰাজ্যসভাৰ দুটা আসনত উপনির্বাচন হ’ব । এই দুই আসন বংগ আৰু কেৰালাৰ । তৃণমূলৰ অর্পিতা ঘোষে ছেপ্টেম্বৰত ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ দিছে । তেওঁ ত্যাগ কৰা আসনত ২৯ তাৰিখে উপনির্বাচন হ’ব বুলি ঘোষণা কৰিছে নির্বাচন কমিছনে ।

উপনির্বাচনৰ বাবে বিজ্ঞপ্তি জাৰি হ’ব ন নৱেম্বৰত, তাৰ পাছত আৰম্ভ হ’ব মনোনয়নৰ প্রক্রিয়া । কেৰালাত ৰাজ্যসভাৰ এটা আসন অৱশ্যে বিগত জানুৱাৰীৰ পৰা শূন্য হৈ আছে । কেৰালা কংগ্রেছ (এম)-ৰ জোছ কে মানিয়ে ৰাজ্যসভাৰ পৰা পদত্যাগ দিছিল । ক’ভিড পৰিস্থিতি নিয়ন্ত্রণত নহা পর্যন্ত উপনির্বাচন অনুষ্ঠিত কৰা নহয় বুলি জনাইছিল কমিছনে ।

কেৰালা কংগ্রেছ (এম)এ ইতিমধ্যে কংগ্রেছ নেতৃত্বাধীন ইউডিএফ ত্যাগ কৰি বামপন্থী ফ্রন্ট এলডিএফ-ত যোগ দিছে । এইবাৰ এলডিএফ-ৰ তৰফৰ পৰা কেৰালা কংগ্রেছ (এম)ৰ প্রার্থী হিচাপে পুনৰ মানিয়ে ৰাজ্যসভাত আহিব বুলি বাম সূত্রৰ ইংগিত ।

Exit mobile version