বাগসাৰ শালবাৰীৰ আনন্দ বজাৰৰ সমীপৰ উত্তৰ বৰটাৰীত ওলাল প্লাষ্টিকজাতীয় চাউল৷উত্তৰ বৰটাৰীৰ প্ৰমোদ কলিতা নামৰ লোকজনে সুলভ মুল্যৰ দোকানৰ পৰা অনা চাউলত ওলাইছে এই প্লাষ্টিকজাতীয় চাউল৷
আনন্দ বজাৰ দক্ষিণ বিজনী সমবায় সমিতিৰ অধীনৰ বৰটাৰী গাঁওৰ সুলভ মূল্যৰ দোকানী ৰবেন তালুকদাৰৰ দোকানৰ পৰা দেওবাৰে চাউলখিনি আনিছিল প্ৰমোদ কলিতাই৷
নিশা সেই চাউলেৰে ভাত ৰান্ধি পৰিয়ালৰ লোকে খাব লৈছিল যদিও খাব পৰা অৱস্থাত নাছিল ভাত ৷নিশাটো তেনেকৈ ভোকে লঘোণে থাকি আজি ৰাতিপুৱাৰ ভাগত সূলভ মূল্যৰ দোকানৰ পৰা অনা চাউলখিনি ভালকৈ চোৱাচিতা কৰাতহে পোহৰলৈ আহে কথাটো৷
দেখাত যদিও চাউল সেইয়া প্ৰকৃতাৰ্থত প্লাষ্টিকজাতীয় চাউলহে৷ ইতিমধ্যে বিষয়টো ৰাজহুৱা হৈ পৰাত পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়াই যোগান বিভাগক এইক্ষেত্ৰত এক উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷উল্লেখ্য যে, কিছু দিন পূৰ্বে শালবাৰীৰ মায়ংপাৰা কলনিতো উদ্ধাৰ হৈছিল একেধৰণৰ প্লাষ্টিকজাতীয় চাউল৷