বক্স অফিচত সকলো অভিলেখ ভংগ কৰিলে দক্ষিণ কোৰিয়াৰ এইখন চলচ্চিত্ৰ‌ই

lake changjin

বিগত কে’বা বছৰ ধৰি দক্ষিণ কোৰিয়াৰ চলচ্চিত্ৰ‌ই আন্তৰ্জাতিক মঞ্চত বিশেষ খ্যাতি অৰ্জন কৰি আহিছে । অস্কাৰজয়ী ‘পেৰাছাইট’ৰ দৰে ছবি কোৰিয়াৰ চিত্ৰ নিৰ্মাতাই প্ৰস্তুত কৰি সমগ্ৰ বিশ্বক চমক দিছিল ।

শেহতীয়াভাৱে দক্ষিণ কোৰিয়াৰ চিত্ৰ নিৰ্মাতাই তৈয়াৰ কৰা আন এখন চলচ্চিত্ৰ‌ই আন্তৰ্জাতিক চৰ্চা লাভ কৰিছে । এই ছবিখনে বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰত নতুন অভিলেখ ৰচনা কৰিছে ।

‘ভেৰাইটি’ৰ বাতৰি অনুসৰি, চীনৰ কোৰিয় যুদ্ধৰ মহাকাব্য হিচাপে পৰিচিত হোৱা ‘দ্য বেটল অৱ লেক চাংগজিন’ ছবিখনে চলিত বৰ্ষত বিশ্বৰ সৰ্বাধিক ধন উপাৰ্জনকাৰী চলচ্চিত্ৰৰ স্বীকৃতি লাভ কৰিছে ।

চলিত বৰ্ষৰ আৰম্ভণিতে চীনৰ চলচ্চিত্ৰ নিৰ্মাতাই নিৰ্মাণ কৰা ‘হাই, মম’ নামৰ ছবিখনে বক্স অফিচত ধন সংগ্ৰহত অভিলেখ ৰচনা কৰিছিল কিন্তু শেহতীয়াভাৱে চীনৰ এইখন ছবিৰ ব্যৱসায়ক অতিক্ৰম কৰিবলৈ সফল হ’ল কোৰিয় ছবি ‘দ্য বেটল অৱ লেক চাংগজিন’-এ । মাত্ৰ ২৯ দিনত ‘দ্য বেটল অৱ লেক চাংগজিন’-এ বক্স অফিচত ৮৪৫ নিযুত ডলাৰ উপাৰ্জন কৰে ।

Exit mobile version