দেশত সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) ব্যৱস্থা প্ৰৱৰ্তিত হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে অভিলেখসংখ্যক কৰে সংগ্ৰহ কৰা হ’ল ।
ADVERTISEMENT
অক্টোবৰত ভাৰতত ১.৩ লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ হ’ল । যোৱা বছৰৰ অক্টোবৰৰ তুলনাত চলিত বৰ্ষৰ অক্টোবৰত ২৪ শতাংশ অধিক জি এছ টি সংগ্ৰহ কৰা হৈছে ।
কৰ’নাৰ সংক্ৰমণ হ্ৰাস আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুনৰ স্বাভাৱিকৰূপে পৰিচালিত হোৱাৰ ফলত দেশত জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পালে ।