Mukesh Ambani : অম্বানীৰ লণ্ডনৰ নতুন প্ৰাসাদত আছে হাস্পাতাল, পঞ্চতাৰকা হোটেল !

Stoke Park

ভাৰতৰ ধনাঢ্য মুকেশ অম্বানী বিশ্বৰ শ্ৰেষ্ঠ ধনাঢ্যসকলৰ ভিতৰত অন্যতম । মুম্বাইৰ আল্টামাউন্ট ৰ’ডত তেওঁৰ ঘৰ এন্টিলিয়াৰ কথা সমগ্ৰ বিশ্ব‌ই জানে । এইবাৰ ব্রিটেইনত নিজৰ প্রাসাদ ক্ৰয় কৰিলে অম্বানীয়ে । সূত্ৰ অনুসৰি, অতি শীঘ্ৰে লণ্ডনৰ বাকিংহামশ্বেয়াৰৰ ষ্টোক পার্কৰ গৃহত যাব অম্বানী পৰিয়াল ।

বিভিন্ন সংবাদমাধ্যমত সেই গৃহৰ ছবি আৰু বর্ণনা প্ৰচাৰিত হৈছে । তথ্য অনুসৰি, অতি শীঘ্রে লণ্ডনৰ গৃহত যাব । অম্বানিয়ে চলিত বৰ্ষৰ আৰম্ভণিতে ৫৯২ কোটি টকাত ক্ৰয় কৰিছে গৃহতো । এইটোৱে হ’ব অম্বানী পৰিয়ালৰ প্রথম ঠিকনা । তেওঁ ক্ৰয় কৰা প্রাসাদটোতশোৱনি কোঠাই আছে ৪৯ টা । ইয়াৰ উপৰি এখন সৰু হাস্পাতালো আছে যাৰ দায়িত্ব এজন ব্রিটিছ চিকিৎসকক দিয়া হৈছে । এটা পঞ্চতাৰকা হোটেল আৰু তিনটা ৰেস্তোৰাঁ আছে ঘৰৰ চৌহদত । মুম্বাইৰ গৃহ এন্টিলিয়াৰ প্ৰতিকৃতিৰ এটা মন্দিৰো তৈয়াৰ কৰা হৈছে । প্রাসাদৰ চৌহদত ১৩টা টেনিছ কোর্ট আৰু ২৭ হ’লৰ গল্ফ কোর্ছো আছে ।

লণ্ডনৰ চহৰৰ প্রাণকেন্দ্রৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত ৯০০ বছৰৰ প্রাচীন এই প্রাসাদ আগতে বসবাসৰ বাবে ব্যৱহৃত হৈছিল যদিও ১৯০৮ৰ পৰা কান্ট্রি ক্লাৰ হিচাপে ব্যৱহৃত হৈ আহিছে । সংবাদমাধ্যম সূত্রে খবৰ, এই গৃহত জেমছ বণ্ডৰ দুখন ছবি ‘গোল্ডফিংগাৰ’ (১৯৬৪) আৰু ‘টুমৰ’ নেভাৰ ডাই’ (১৯৯৭)-ৰ শ্বুটিং হৈছে । অৱশ্যে নতুন প্রসাদ কিনাৰ প্রসংগত অম্বানী বা তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা এই পর্যন্ত একো মত প্ৰকাশ কৰা নাই ।

Exit mobile version