কৰ’নাত আক্ৰান্ত হ’লে বহু সময়ত ৰোগীৰ শ্বাসযন্ত্র বিকল হোৱাৰ সম্ভাৱনা থাকে । চিকিৎসাৰ জৰিয়তে সেই সংশয় দূৰ কৰি সুস্থ হোৱা সম্ভবৱ । অৱশ্যে ৰোগী যদি এক বিশেষ জিনৰ অধিকাৰী হয় এই সংশয় বাঢ়ি দ্বিগুণ হ’ব পাৰে, সাম্প্রতিক এক গৱেষণাত প্ৰকাশিত ।
জিনগত ত্রুটি সংক্রান্ত এই গৱেষণাটো প্রকাশ কৰিছে অক্সফোর্ড বিশ্ববিদ্যালয়ে । গৱেষণাটোৰ দাবী, এই বিশেষ জিন শৰীৰত থাকিলে ই কোষ আৰু হাওঁফাওঁক ক’ভিডৰ বিৰুদ্ধে যথা বিধি যুঁজ দিয়াত বাধা দিয়ে । ভাইৰাছৰ বিৰুদ্ধে শৰীৰৰ যুদ্ধত ব্যাঘাত সৃষ্টি কৰে । ফলত ‘ৰেছপিৰেটৰী ফেইলিয়ৰ’ বা শ্বাসযন্ত্র বিকল হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ।
এই গৱেষণাপত্রৰ যি অংশ ভাৰতীয়ৰ চিন্তাৰ কাৰণ হৈ উঠিছে, সেয়া হ’ল এই জিনটোৰ উৎস । গৱেষকসকলৰ দাবী, যাৰ শৰীৰত এই জিন পোৱা যায় তেওঁলোকৰ ৬০ শতাংশই দক্ষিণ এছিয়াৰ মানুহ । ১৫ শতাংশ মানুহ ইউৰোপৰ । গৱেষণাটো প্রকাশ পোৱাৰ পাছত বিশেষজ্ঞসকলে মত পোষণ কৰে যে, ভাৰতসহ দক্ষিণ এছিয়াৰ দেশবোৰত কিয় কৰ’না আক্রান্তসকলকৰ হাস্পাতালত ভর্তি হোৱাৰ হাৰ অধিক, সেয়া এইবাৰ বুজিব পৰা গৈছে । যদিও গৱেষণাপত্রটোৰ লেখকে জনাইছে, জিন দক্ষিণ এছিয়াৰ এই পৰিস্থিতিৰ অন্যতম এটা কাৰণ হ’লেও জিনকেই ইয়াৰ একমাত্র কাৰণ বুলি ক’ব নোৱাৰি । নির্দিষ্ট দেশৰ আর্থসামাজিক দিশবোৰেও এই ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।
এই বিশেষ জিনৰ নাম এলজেডটিএফএল১ । গৱেষকসকলে জনাইছে, এই জিনৰ অধিকাৰীয়ে টিকাকৰণত সুফল পাব ।
অৱশ্যে, সমাধান হাতত থাকিলেও গৱেষণাটো গুৰুত্বপূর্ণ বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । কাৰণ, ইয়াৰ দ্বাৰা বুজিব পৰা যায়, কৰ’না সংক্রমিত হ’লে হাওঁফাওঁৱে কেনেদৰে কাম কৰিব সেয়া সহজে অনুমেয় নহয় । বহুতো জনা-নজনা বিষয়ৰ ওপৰত নির্ভৰ কৰিছে সমগ্ৰ বিষয়টো ।