ছ’চিয়েল মিডিয়াত নিজৰ গীতেৰে বিভিন্নজনৰ মন জয় কৰিছে নাৰায়ণপুৰৰ ছায়ামনিয়ে

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী কণমানি প্ৰতিভাৱান কিশোৰী । নাম ছায়ামনি শইকীয়া । অষ্টম শ্ৰেণীৰ ছাত্ৰী ছায়ামনি নিজৰ কন্ঠৰে বিভিন্নজনৰ মন জয় কৰিছে। সঙ্গীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ছায়ামনি পিতৃৰ পৰাও গীতৰ চর্চা কৰি আছে।

বিভিন্ন অনুষ্ঠানত বিহুগীত, আধুনিক গীত,ভূপেন্দ্ৰ সংগীত আদি বিভিন্ন ধৰণৰ গীত পৰিবেশন কৰি নিজ পাৰদৰ্শিতা প্ৰতিপন্ন কৰি আহিছে ছায়ামনি ।তদুপৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈও সক্ষম হৈছে।

কন্যাৰ গীতৰ প্ৰতি থকা আগ্ৰহ দেখি পিতৃ-মাতৃয়েও যোগাই আহিছে প্ৰেৰণা আৰু প্ৰদান কৰিছে সা- সুবিধা।

এগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পী হোৱাৰ সপোন থকা ছায়ামনি এতিয়া সফলতা অৰ্জন কৰিবলৈ কঠোৰ সাধনা অব্যাহত ৰাখিছে। তদুপৰি তেওঁৰ আছে এটা ইউটিউব চেনেল।

Exit mobile version