দেশৰ ৩৩ লাখ শিশু পৰিপুষ্টিহীন ভুগিছে, অৰ্ধেকৰ অৱস্থা অতি গুৰুত্বৰ

hungry kids pti 1636305962

ভাৰত চৰকাৰৰ তথ্যই উদঙাই দিছে দেশত শিশুৰ ভয়াৱহ অৱস্থা। কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ এক আবেদনৰ উত্তৰত কয় যে দেশৰ ৩৩ লাখৰাে অধিক শিশু পৰিপুষ্টিহীনতাত ভুগিছে৷ ইয়াৰে অর্ধেক সংখ্যকে ভয়াৱহ পুষ্টিহীনতাৰ কৱলত।

লক্ষ্যণীয়ভাৱে এই ক্ষেত্ৰত তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্র, বিহাৰ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ গৃহ ৰাজ্য গুজৰাট। ক’ভিড পৰিস্থিতিয়ে ডাল-দৰিদ্ৰ শ্ৰেণীৰ স্বাস্থ্য আৰু।পুষ্টিজনিত সংকট বহুগুণে বৃদ্ধি কৰিব পাৰে বুলি উদ্বেগ প্রকাশ কৰি মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, দেশত ১৭,৭৬,৯০২ অর্থাৎ ১৭.৭৬ লাখ অতি গুৰুতৰভাৱে অপুষ্টিত ভােগা শিশু আছে আৰু ১৫.৪৬ লাখ শিশুৱে গুৰুতৰ অপুষ্টিত ভুগিছে।

চলিত বৰ্ষৰ ১৪ অক্টোবৰ পর্যন্ত এই তথ্য মন্ত্রণালয়ে প্রকাশ কৰিছে। দেশৰ ৩৪ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা লাভ কৰা এই তথ্য অতি ভয়াৱহ আৰু বিগত নৱেম্বৰৰ স’তে ইয়াৰ তুলনা কৰিলে অত্যন্ত শােচনীয় ছবি প্ৰকট হৈ পৰে। ২০২০ৰ নৱেম্বৰৰ তথ্য আৰু ২০২১ অর্থাৎ চলিত বৰ্ষৰ ১৪ অক্টোবৰৰ তথ্যৰ মাজত তুলনা কৰিলে দেখা যায় যে অতি
গুৰুতৰ পুষ্টিহীনতাৰ বলি হােৱা শিশুৰ সংখ্যা বিগত বৰ্ষতকৈ ৯১ শতাংশ বৃদ্ধি পাইছে।

বিগত নৱেম্বৰত প্রকাশিত ৯.২ লাখ। শেহতীয়া তথ্য অনুসৰি ১৭.৭৬ লাখলৈ এতিয়া বৃদ্ধি হৈছে। অৱশ্যে বিগত বৰ্ষত ছমাহৰ পৰা ছবছৰীয়া শিশুৰ তথ্য ৩৬ খন ৰাজ্যৰ পৰা সংগ্ৰহ কৰা হৈছিল। এইবাৰ অৱশ্যে পােষণ ট্ৰেকাৰৰ জৰিয়তে অংগনৱাড়ীকর্মীসকলে পােনপটীয়াকৈ সংগ্ৰহ কৰিছে।

এইবাৰ বয়স গােট উল্লেখ কৰা হােৱা নাই। মনকৰিবলগীয়া যে বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা অনুসৰি উচ্চতা অনুসৰি অতি কম ওজন অর্থাৎ এছ এম আৰু তাতােকৈ তুলনামূলকভাৱে কম পৰিপুষ্টিহীনতাত ভােগা অর্থাৎ এম এ এম শ্ৰেণীৰ শিশুসকলৰ স্বাস্থ্য বিভিন্ন জটিল প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।

এছ এমত ভােগা শিশুৰ দুর্বল শাৰীৰিক গাঁথনিৰ বাবে বেমাৰৰ ক্ষেত্ৰত মৃত্যুৰ সংখ্যা নগুণ অধিক। একেদৰে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এম এ এম শ্ৰেণীৰ শিশুসকলাে কম বয়সতে মৃত্যুৰ দুৱাৰডলিত থিয় দিয়াৰ আশংকা থাকে। আইটিআইৰ সূত্রত প্রকাশ যে মহাৰাষ্ট্ৰত ৬.১৬ লাখ, বিহাৰত ৪.৫৮ লাখ আৰু গুজৰাটত ৩.২০ লাখ শিশু ভয়াৱহ অপুষ্টিত ভুগিছে।

ইয়াৰ পাছত তালিকাত থকা অনুসৰি অন্ধ্রপ্রদেশত ২.৬৭ লাখ, কর্ণাটকত ২.৪৯ লাখ, উত্তৰ প্ৰদেশত ১.৮৬ লাখ, তামিলনাড়ুত ১.৭৮ লাখ অপুষ্টিত ভােগা শিশু আছে। ইয়াৰ ঠিক পাছতে আছে অসমৰ ১.৭৬ লাখ শিশু। তাৰ পাছতে আছে তেলেংগানাৰ ১.৫২ লাখ শিশু।

দেশৰ ৰাজধানী দিল্লীৰ অৱস্থাও শােচনীয়। দিল্লীত ১.১৭লাখ শিশু পৰিপুষ্টিহীনতাত ভুগিছে। চিকিৎসকৰ মতে, পৰিপুষ্টিহীনতাত ভােগা শিশু অতি সােনকালে সংক্রমণৰ বলি হােৱাৰ আশংকা থাকে। তেওঁলােকৰ শৰীৰত শক্তিৰ অভাৱ হয় আৰু বিদ্যালয়ত ভাল প্রদর্শন কৰিব নােৱাৰে।

গৰ্ভৱতী মহিলা আৰু প্রসূতি মাতৃৰ উপযুক্ত পৰিপুষ্টি যােগানৰ দ্বাৰা এই সমস্যাৰ সমাধানৰ আৰম্ভণি কৰিব লাগিব। উল্লেখ্য যে শিশু অধিকাৰ ৰক্ষাত নিয়ােজিত সংস্থাৰ ভাষ্য অনুসৰি ক’ভিডে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। সংহত শিশু উন্নয়ন আঁচনিৰ আৰু বিদ্যালয়ৰ মধ্যাহ্ন ভােজন আঁচনিৰ দীঘলীয়া সময় বিদ্যালয় বন্ধ হৈ থকাৰ হেতুকে অনিয়মীয়া হৈছে।

দেশৰ হেজাৰ হেজাৰ দৰিদ্ৰ শিশু এই আঁচনিৰ ওপৰত পৰিপুষ্টিৰ বাবে নিৰ্ভৰশীল। এনে আঁচনিসমূহে তেওঁলােকৰ অধিকাৰ আৰু প্ৰয়ােজনীয়তা ৰক্ষাৰ দায়িত্ব বহন কৰে। শিশুৰ পৰিপুষ্টিৰ সুৰক্ষা তেতিয়াহে নিশ্চিত হ’ব যেতিয়া বাজেটৰ আবন্টন যথােপযুক্ত হ’ব আৰু আঁচনিসমূহৰ ৰূপায়ণত থকা ত্রুটি দূৰ কৰিব পাৰিব। অন্যথা অতিমাৰীয়ে কঢ়িয়াই অনা লােকচান ভাৰতৰ দৰে দেশে বহন কৰাটো অসম্ভৱ হৈ পৰিব। এই ভাষ্য বিশেষজ্ঞ।

Exit mobile version