Shah Rukh Khan :আৰিয়ানৰ জন্মদিন পালন কৰিয়ে দীপিকাৰ স’তে উৰা মাৰিব কিং খান, গন্তব্য স্পেন

1636529421 new project 42

২০২২ ৰ স্বাধীনতা দিৱসৰ দিনা মুক্তি যোৱাৰ কথা আছিল শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ । কিন্তু তাৰ মাজতে তেওঁৰ পুত্ৰ আৰিয়ানক মাদক কাণ্ডত গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁ অস্থায়ীভাৱে চলচ্চিত্ৰৰ সকলো কাম সমাপ্ত কৰে।

কিন্তু পুত্ৰ ঘৰলৈ ঘূৰি অহাৰ পাছত পুনৰ কামলৈ উভতিছে কিং খান। অহা মাহৰ আৰম্ভণিতে ‘পাঠান’ৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ উৰা মাৰিব শ্বাহৰুখ।

যশৰাজ ফিল্মছ প্ৰযোজিত ‘পাঠান’ৰ লগতে দক্ষিণ পৰিচালক আতলিৰ হিন্দী ছবিৰ দৃশ্যগ্ৰহনো বন্ধ কৰি দিছিলে অভিনেতাগৰাকীয়ে । আৰিয়ান কাৰাগাৰত থকাৰ সময়ত বালিপাৰাৰ সূত্ৰে খবৰ আহিছিল, পুত্ৰ সমস্যা সমাধানৰ হ’লেহে পুনৰ কামলৈ উভতিব শ্বাহৰুখ।

সূত্ৰসমূহৰ দাবী, শ্বাহৰুখে আগতে জনাইছিল,১৩ নৱেম্বৰত আৰিয়ানৰ জন্মদিনৰ পাছত পুনৰ কাম আৰম্ভ কৰিব শ্বাহৰুখে। এই কেইটা দিন নিজে পৰিয়ালৰ স’তে কটাব ।

সূত্ৰৰ খবৰ, কাম আৰম্ভ হোৱাৰ তাৰিখত আলোচনা আগবাঢ়িছে। ‘পাঠান’ৰ দুটা গীতৰ দৃশ্য স্পেইনৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা হ’ব। কেবাটাও ঠাইক এনে স্থান হিচাপে বাছনি কৰা হৈছে য’ত আগতে কোনো বলীউড চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হোৱা নাছিল।

পৰিচালক সিদ্ধাৰ্থ আনন্দে পৰ্দালৈ অচিনাকি ঠাই আনিবলৈ চেষ্টা কৰি আছে। দীপিকা পাডুকন আৰু জন আব্ৰাহামক শ্বাহৰুখৰ স’তে ‘পাঠান’ত দেখা যাব।

কিং খানক শেষবাৰৰ বাবে ২০১৭ চনৰ ‘জিৰো’ত দেখা গৈছিল। তেওঁ ২০২২ চনৰ ১৫ আগষ্টত পুনৰ অনুৰাগীসকলৰ বাবে এটা নতুন চৰিত্ৰ অনাৰ কথা আছিল।

Exit mobile version