দুটা ফলৰ মূল্য ৩৩,০০,০০০ টকা,এইটোৱে হৈছে বিশ্বৰ সৰ্বাধিক মূল্যৰ ফল

353397 yubari melon

আপুনি জীৱনত নানা ধৰণৰ ফলমূল ক্ৰয় কৰি আহিছে আৰু নানা ফল খাইছে ।এনেবোৰ ফলৰ মূল্য হয়তো সৰ্বাধিক এহেজাৰ বা দুহেজাৰ টকা হ’ব পাৰে।

কিন্ত হীৰাতকৈও অধিক মূল্যৰ ফল এই বিশ্বত থকাৰ কথা আপুনি জানে নে? হয়,বাস্তৱতে জাপানত আছে বিশ্বৰ সবাতোকৈ অধিক মূল্যৰ ফলবিধ ।

মুক্ত বজাৰত নহয়,এইবিধ দুৰ্লভ ফল বিক্ৰী কৰা হয় নিলামৰ জৰিয়তে।বিশ্বৰ সবাতোকৈ দামী ফল হিচাপে পৰিচিত এই ফলৰ নাম হৈছে য়ুবৰী ।

এইবিধ ফল হৈছে তৰমুজ জাতীয়। কেৱল জাপানতহে উৎপাদিত হয় য়ুবৰী ফল।অতি সীমিত সংখ্যক এই ফল জাপানৰ কৃষকে উৎপাদন কৰি আহিছে।

বিশেষকৈ জাপানৰ য়ুবৰী অঞ্চলত এই ফলৰ খেতি কৰা হয়।২০১৯ ত জাপানত আয়োজিত ফলৰ এক নিলাম অনুষ্ঠানত দুটা য়ুবৰী ফল ৪৫,০০০ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৩৩,০০,০০০টকাত বিক্ৰী হৈছিল।

বৰ্তমালৈকে বিশ্বত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা ফল হিচাপে য়ুবৰীয়ে অভিলেখ ৰচিছে ।য়ুবৰীৰ সোৱাদ মিঠা আৰু এইবিধ ফলৰ ভিতৰ ভাগ কমলা ৰঙৰ হয়।অতি আধ্যৱন্ত লোকেহে এই ফল ক্ৰয় কৰিব পাৰে।

Exit mobile version