বাগসাত শিশু দিৱসৰ দিনাই ১১ টাকৈ অংগনবাড়ী কেন্দ্ৰৰ নতুন গৃহ মুকলি

8d3ee785 5321 42f8 ad7f a7981d8eead2

আজি শিশু দিৱস ৷ আজিৰ দিনটোতে শিশু সকলোলৈ বিশেষ উপহাৰ বিটিআৰ চৰকাৰৰ ৷ বাগসা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ অধীনৰ ১১টাকৈ অংগনবাদী কেন্দ্ৰৰ নতুন গৃহ মুকলি কৰিলে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু খণ্ড উন্নয়ন বিষয়া কুমুদ চন্দ্ৰ নাৰ্জাৰীয়ে।

বাগসাৰ পশ্চিম হাউলী, দক্ষিণ হাউলীৰ উপৰিও মথনগুৰি পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলৰ ১১ টাকৈ অংগনবাড়ী কেন্দ্ৰৰ নতুন গৃহৰ উদ্ধোধন কৰি শিশু সকললৈ আগবঢালে শিশু দিৱসৰ বিশেষ উপহাৰ৷

অনুষ্ঠানত মথনগুৰি পৰিষদীয় সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ বিনয় বৈশ্য সমন্বিতে বিভাগীয় কৰ্তৃপক্ষৰ কেবাগৰাকী বিষয়াৰ লগতে বিজেপিৰ বহুকেইগৰাকী নেতা কৰ্মী উপস্থিত থাকে ।

Exit mobile version