বাগসাৰ বাৰাপেটাত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ চাউল বিতৰণ

garib

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ বাৰ্তা সম্বলিত বিশেষ মোনাত হিতাধিকাৰীক চাউল বিতৰণ কৰা হয় ৷ বাগসাৰ শালবাৰী মহকুমাৰ সুলভ মূল্যৰ দোকানসমূহত এনেদৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে পূৰ্বৰ পৰা চলি থকা অন্ন বিতৰণ পুনৰ আৰম্ভ কৰা হয় ৷

বিতৰণৰ আৰম্ভণি কৰি মথনগুৰী সমষ্টিৰ টিচিএলচিচ (টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ কনষ্ট্ৰাকছন কমিটী)ৰ চেয়াৰমেন বিনয় বৈশ্যই প্ৰকৃত হিতাধিকাৰীয়ে যাতে অন্ন সুৰক্ষা যোজনাৰ পৰা বাদ নপৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে আজি বাগসাৰ বাৰাপেটা ভি.চি.ডি.চি.ৰ অন্তৰ্গত বহুকেইখন সুলভ মূল্যৰ দোকানত এনেদৰে চাউল বিতৰণ কৰা হয় ৷

Exit mobile version