মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ সুমন স্বৰ্গিয়াৰীলৈ শ্ৰদ্ধাঞ্জলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

মণিপুৰত শণিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা অসম সন্তান, আছাম ৰাইফলছৰ ছহিদ জোৱান সুমন স্বৰ্গিয়াৰীৰ নশ্বৰদেহ আজি পুৱা ৭.৩০ বজাত বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হয় ।

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসম চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণেৰে ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই ছহিদগৰাকীৰ পৰিয়ালক দেখা কৰাৰ লগতে শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বাগসাৰ থৈকাৰাকুচিস্থিত বাসগৃহলৈ ৰাওনা হৈছে ।

Exit mobile version