বজালী জিলাত ক’ভিডৰ প্ৰতিষেধক যাতে সকলোৱে লবপাৰে আৰু প্ৰতিষেধক গ্ৰহণ কৰি প্ৰত্যেকেই যাতে নিৰাপদ অনুভৱ কৰিব পাৰে সেই লক্ষ্য সন্মুখত ৰাখি বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ব্যাপক তৎপৰতা আৰু সতৰ্কতাৰে কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হোৱা দেখা গৈছিল ।
প্ৰতিদিনে উপায়ুক্ত গৰাকীয়ে ক’ত কিমান ক’ভিডত আক্ৰান্ত হ’ল, কিমান চিকিৎসাধীন হ’ল সেই সকলো খবৰ , তথ্য তেওঁ সঘনে ৰাখি আহিছিল আৰু ক’ভিড প্ৰশমনৰ হেতু প্ৰয়োজনীয় ব্যৱস্হাও গ্ৰহণ কৰিছিল ।
বিভিন্ন ঠাইত ক’ভিডৰ পৰীক্ষা কেন্দ্ৰ আৰু প্ৰতিষেধক প্ৰদান কেন্দ্ৰও উপায়ুক্তৰ নিৰ্দেশত স্থাপন কৰা হৈছিল । প্ৰশাসনৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি ১৮ বছৰৰ উৰ্ধৰ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে বজালীত নিৰ্ধাৰিত লক্ষ্য বান্ধি লোৱা হৈছিল ২০০৮২৩ গৰাকীৰ ।
এই পৰিসংখ্যাৰ ভিতৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ১৯৯৮০৩ গৰাকীয়ে । যিটো শতাংশৰ হাৰত ৯৯% । আনহাতে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ১১৯৯৬৩ গৰাকীয়ে । শতাংশৰ হাৰ 60% ।
এই হিচাপত দেখা যায় বজালীত প্ৰথম পালি প্ৰতিষেধক লবলৈ বাকী আছে ১০২০ গৰাকী । উপায়ুক্তৰ নিৰ্দেশত স্বাস্থ্য বিভাগে এইখিনি লোকক ঘৰে ঘৰে গৈ প্ৰতিষেধক দিয়াৰ কাম ক্ষীপ্ৰতাৰে আগুৱাই নিছে আৰু তিনিদিন মানৰ ভিতৰতেই প্ৰশাসনে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিব ।
উল্লেখ কৰিব পাৰি যিখিনি লোকে প্ৰতিষেধক লোৱা নাছিল তেওলোকৰ কিছুসংখ্যক অসুখী, কিছুসংখ্যকৰ বাৰ্দ্ধক্য আৰু কিছুসংখ্যক ঘৰৰ পৰা বাহিৰত আছিল । ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান কৰা ব্যৱস্থাটো উপায়ুক্ত দেৱ চৌধুৰীয়ে নিজেই তদাৰক কৰিছে ।
প্ৰসঙ্গত কব পাৰি যে উপায়ুক্তৰ সতৰ্কতাৰ বাবেই বজালীত প্ৰতিষেধক প্ৰদান অভিযান পূৰ্ণ শতাশংৰ দিশে ধাবমান হৈছে ।