COVID-19 Updates : ভেকচিন চার্টিফিকেটক স্বীকৃতিৰ উপহাৰ, ভাৰতত আহি কোৱাৰেন্টাইনত থাকিব নালাগে বিদেশীসকলে !

115324754 gettyimages 1283824133 1

ভাৰতীয় কৰ’না ভেকচিন চার্টিফিকেটক (Corona Certificate) স্বীকৃতি দিয়া উপহাৰ । এইবাৰৰ পৰা বিদেশৰ পৰা আহি আৰু কোৱাৰেন্টাইনত থাকিব নালাগে পর্যটকসকলে । মুঠ ৯৯খন দেশক এই অনুমোদন পত্ৰ দিয়া হৈছে ।

স্বাস্থ্য মন্ত্রণালয়ৰ (Health Ministry) তৰফৰ পৰা যোৱা ১২ নৱেম্বৰত এই নতুন নির্দেশনা জাৰি কৰা হয় । নিৰ্দেশনাত কোৱা হৈছে, যি ৯৯খন দেশে ভাৰতীয় ক’ভিড-১৯ ভেকচিনৰ চার্টিফিকেটক স্বীকৃতি দিছে, সেই দেশৰ পৰা যাত্রীসকলে এইবাৰ ভাৰতলৈ আহিলে ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনত থাকিব নালাগে । নতুন গাইডলাইনত আৰু কোৱা হৈছে, বিদেশৰ যিসকল নাগৰিকে টিকাৰ দুটা ড’জ লৈছে, তেওঁলোকে দেশলৈ আহি বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ নিজৰ গন্তব্য স্থানত যাব পাৰিব । পৰৱর্তী ১৪ দিন নিজেই নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখিব ।

যদি কোনোৰ ভেকচিনৰ (Corona Vaccine) এটা ড’জ লোৱা থাকে, তেনেহ’লে বিমানবন্দৰত ক’ভিড পৰীক্ষণৰ প্ৰতিবেদন জমা দিব লাগিব । প্ৰতিবেদন পৰ্যবেক্ষণ কৰি সেই যাত্রীক বিমানবন্দৰ ত্যাগ কৰাৰ অনুমতি দিয়া হ’ব । অৱশ্যে এই ক্ষেত্রত আগন্তুক সাতদিন নিজকে হোম কোৱাৰেন্টাইনত ৰাখিব লাগিব । অষ্টম দিনা পুনৰ ক’ভিড পৰীক্ষণ কৰিব লাগিব । প্ৰতিবেদন নেগেটিভ আহিলেও সাতদিন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ।

অৱশ্যে, ১০খন দেশৰ পৰা অহা যাত্রীসকলে অতিৰিক্ত কিছু নিয়ম মানিব লাগিব । এই তালিকাত আছে ব্রিটেইন, দক্ষিণ আফ্রিকা, বাংলাদেশ, ব্রাজিল, চীন, মৰিছাছ, নিউজিলেণ্ড, জিম্বাবোৱে, বটছৱানা আৰু ছিংগাপুৰ । অৱশ্যে পাঁচ বছৰৰ তলৰ শিশুসকলে কৰ’না পৰীক্ষা কৰিব নালাগে ।

বিগত বৰ্ষত দেশজুৰি কৰ’নাৰ প্ৰকোপ আৰম্ভ হোৱাৰ লগে লগে বিদেশৰ লগত বিমান সেৱা বন্ধ কৰিছিল ভাৰত চৰকাৰে । যিসকলে ভিছা লাভ কৰিছিল, তেওঁলোকৰ ভিছাও ছাছপেণ্ড কৰা হয় । অৱশ্যে পৰৱৰ্তী সময়ত চর্তসাপেক্ষে আৰম্ভ হয় বিমান সেৱা । এইবাৰ ৯৯খন দেশৰ বাবে বহুখিনি শিথিল হ’ল নিয়ম ।

Exit mobile version