Ajmal Foundation : আজমল ফাউণ্ডেচনৰ ই-ৰিক্সা বিতৰণ

WhatsApp Image 2021 11 16 at 6.02.08 PM

উত্তৰ-পূৱৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ জৰিয়তে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী দৰিদ্ৰ লোকক ই-ৰিক্সা বিতৰণ কৰা হয় ৷ আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী সিৰাজুদ্দিন আজমলে আজি হোজাইত অনুষ্ঠিত হোৱা এখন সভাত বিতৰণ কৰে ই-ৰিক্সাসমূহ ৷ ই-ৰিক্সাৰ জৰিয়তে দৰিদ্ৰ লোকসকলে উপাৰ্জন কৰি যাতে নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে সেই লক্ষ্যৰেই মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে আজমল ফাউণ্ডেচনে আজি ধুবুৰীত ই-ৰিক্সা বিতৰণ কৰে ।

সুমন আখতাৰ আৰু আশিষ কুমাৰ ৰয়, বৰপেটাৰ তৰুণ চন্দন স্বৰ্গীয়াৰী আৰু হিমনজ্যোতি দাস, মোৰাঝাৰ সাবাজপুৰৰ ৰাখাল চন্দ্ৰ মজুমদাৰ আৰু আব্দুল জব্বাৰ, যমুনামুখ জংগলব্লকৰ লিয়াকত আলী, ডবকা টাউনৰ ৰাণু দাস, যমুনামুখ বালিৰাম গাঁৱৰ সঞ্জীৱ দাস, কাছাৰ নয়াবাৰীৰ সঞ্জীৱ দাস, হোজাই বিষ্ণুপল্লীৰ অৰিজিত পাল, কৰিমগঞ্জৰ বিষ্ণু বিশ্বাস আৰু তেজপুৰ নেপালীপট্টি বাৰিকাৰ নেকিবুৰ জামানক একোখনকৈ বিনামূলীয়া ই-ৰিক্সা বিতৰণ কৰে ৷

প্ৰায় ২০ লাখ টকা ব্যয়সাপেক্ষে মুঠ ১৭খন ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেচনে ৷ আজি ই-ৰিক্সা বিতৰণ অনুষ্ঠানত সিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলাম, প্ৰৱন্ধক এম আৰ এইচ আজাদ উপস্থিত আছিল ৷

উল্লেখ্য যে আজমল ফাউণ্ডেচনে জন্মলগ্নৰে পৰা স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশৰ লগতে দৰিদ্ৰ লোকসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে ৷ অসমৰ চোকে-কোণে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনে এক জাগৰণৰ সৃষ্টি কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বানপানী, লকডাউন নাইবা দুৰ্ভিক্ষৰ সময়ত আজমল ফাউণ্ডেচনে সদায় মানৱ সেৱা আগবঢ়াই আহিছে ৷

কৰ্মসংস্থাপনৰ অভাৱত এক দুৰ্বিসহ জীৱন যাপন কৰা অসমৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী হিতাধিকাৰীয়ে আজি ই-ৰিক্সা লাভ কৰি মৌলানা আজমল, সিৰাজুদ্দিন আজমলৰ লগতে আজমল পৰিয়াল আৰু আজমল ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে ৷

Exit mobile version