বিশ্বৰ ৪৩ দেশৰ ৪.৫ কোটি লোক ক্ষুধা-আকালৰ সন্মুখত:ডব্লিউ এফ পি

media handler 1

GOOGLE

এই বিশ্বত সম্প্রতি ৪.৫ কোটিৰাে অধিক লােক চৰম আকালৰ সন্মুখীন হৈছে। বিশ্ব খাদ্য কাৰ্যসূচী (ডব্লিউ এফ পি )য়ে এই কথা প্রকাশ কৰি কয় যে সম্প্রতি বিশ্বৰ ৪৩ খন দেশত ক্ষুধা আৰু আকালৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ডব্লিউ এফ পিৰ মতে, বিশ্বৰ কে’বা কোটি লােকৰ সম্প্রতি এনে অৱস্থা হৈছে যে তেওঁলােকে পেট ভৰাই খাদ্য গ্রহণৰ পৰা বঞ্চিত আছে।

প্রতিদিনে এইসকল লােকৰ অৱস্থা অধিক অৱনতি ঘটিছে বুলিও ডব্লিউ এফ পিয়ে জানিবলৈ দিয়ে। এক প্ৰেছ বিজ্ঞপ্তিত আন্তর্জাতিক সংস্থাটোৱে কয় যে ২০১৯ বৰ্ষত বিশ্বৰ বিভিন্ন দেশৰ দুই কোটি ৭০ লাখ লােকে দুবেলা দুসাঁজ আহাৰৰ পৰা বঞ্চিত হৈছিল আৰু চলিত বৰ্ষৰ আৰম্ভণিতে ক্ষুধা আৰু আকালৰ সমস্যাত আক্রান্ত হােৱা লােকৰ সংখ্যা বিশ্বৰ ৪৩ খন দেশত চাৰি কোটি ২০ লাখলৈ বৃদ্ধি পায়।

বুণ্ডি, কেনিয়া, অংগুলা, ছছামালিয়া, হেইটি, ইথিউপিয়া, আফগানিস্তানৰ দৰে দেশত বিশ্বৰ ভিতৰতে সর্বাধিকসংখ্যক জনসংখ্যাই বর্তমানে ক্ষুধা আৰু আঁকালৰ সমস্যাত ভুগিছে। কৰ’না মহামাৰীৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ বিভিন্ন দেশত খাদ্য সমস্যাই ভয়াৱহ ৰূপ লৈছে বুলিও ডব্লিউ এফ পিয়ে জানিবলৈ দিয়ে।

অৱশ্যে আফগানিস্তানৰ দৰে একাংশ দেশত সম্প্রতি যুদ্ধ আৰু হিংসাৰ ফলত খাদ্যৰ নাটনি হােৱা বুলিও একেটা প্রতিবেদনত আন্তর্জাতিক সংস্থাটোৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ খাদ্য সংস্থাটোৱে কয় যে বিশ্বজুৰি যি খাদ্য সংকটৰ সৃষ্টি হৈছে তাক দূৰ কৰিবলৈ হলে কমেও সাত বিলিয়ন ডলাৰৰ প্রয়ােজন হ’ব। ডব্লিউ এফ পিয়ে লগতে কয় যে বিশ্বত ভয়াৱহ ৰূপ ধাৰণ কৰা ক্ষুধাৰ সমস্যাটো দূৰ কৰিবলৈ অতি ধনাঢ্য লােকসকলে অধিক পৰিমাণৰ ধন দান কৰা উচিত।

Exit mobile version