Farm Laws : সংসদত তিনি কৃষি আইন প্রত্যাহাৰ নকৰা পর্যন্ত আন্দোলন অব্যাহত থাকিব, ঘোষণা টিকায়তৰ

501 7180235 835x547 m

আজি পুৱা বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । দীর্ঘ সময় ধৰি চলা আন্দোলন তুলি লোৱাৰো আবেদন জনাইছে তেওঁ কৃষকসকলক । কিন্তু প্রধানমন্ত্রীৰ মুখৰ কথাত বিশ্বাস কৰিব পৰা নাই ভাৰতীয় কিষান ইউনিয়ন (বিকেইউ)-ৰ নেতা ৰাকেশ টিকায়তে । চৰকাৰে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে প্রত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়নী দিছে তেওঁ ।

তেওঁ কয়, “সংসদত এই তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত পাছ নোহোৱা পৰ্যন্ত অৱস্থান অব্যাহত থাকিব ।”

২০২০-ৰ ছেপ্টেম্বৰত পাছ হয় তিনি কৃষি আইন । তাৰ পাছৰ পৰাই এই আইনৰ বিৰোধিতাত হৰিয়ানা, পঞ্জাৱসহ দেশৰ বিভিন্ন প্রান্তত আন্দোলন আৰম্ভ হয় । নৱেম্বৰত কৃষকসকলে দিল্লীত গৈ ধৰ্ণাত বহে । তেতিয়াৰ পৰাই আন্দোলন অব্যাহত আছে । সেই আন্দোলনৰ আৰম্ভণিৰ পৰাই আছিল বিকেইউ । শুকুৰবাৰে প্রধানমন্ত্রীয়ে কৃষি আইন প্রত্যাহাৰৰ কথা ঘোষণা কৰাত বিকেইউ-ৰ নেতা টিকায়তে সকীয়নী দিয়ে, ৬০০ কৃষকৰ আত্মবলিদানক বিফলে যাবলৈ নিদিও । এই আন্দোলনক শক্তিশালী কৰিবলৈ বহু কৃষকে প্রাণ দিছে । তেওঁলোকৰ আত্মবলিদানক উৎসর্গা কৰি পৰৱর্তী পদক্ষেপৰ কথা চিন্তা কৰা হ’ব । তেওঁ স্পষ্টভাৱে জনাইছে যে, মুখত কথাত নহয়, চৰকাৰে নিচ্ছিতভাৱে এই বিষয়ত পদক্ষেপ গ্ৰহণ নকৰিলে আন্দোলন অব্যাহত থাকিব ।

টিকায়তে আৰু জনায়, সংযুক্ত কিষান মর্চাই শুকুৰবাৰে এই বিষয়ত আলোচনা কৰিব । সামগ্রিক বিষয় পর্যালোচনা কৰি পৰৱর্তী পদক্ষেপৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা ছিংঘু আৰু টিকৰি সীমান্তত আন্দোলনত বহে কৃষকসকলে । ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা লালকিল্লা পর্যন্ত কৃষকসকলৰ ট্রেক্টৰ ৰেলিক লৈ অগ্নিগর্ভ পৰিস্থিতিৰ সৃষ্টি হয় । কৃষি আইন প্রত্যাহাৰ নকৰা পর্যন্ত ৰাজধানীত আন্দোলন অব্যাহত ৰখাৰ সকীয়নী দিয়া হয় বাৰে বাৰে । কে’বা পৰ্যায়ৰ বৈঠকৰ পাছতো কোনো সমাধান সূত্র নোলায় । চৰকাৰ আৰু কৃষক দুপক্ষই নিজৰ অৱস্থানত অটল থাকে । অবশেষত চাপত পৰি কৃষি আইন পাছ হোৱাৰ এবছৰ পাছত প্রধানমন্ত্রীয়ে সেই আইন প্রত্যাহাৰৰ কথা ঘোষণা কৰিলে ।

Exit mobile version