আঠ বছৰত ৰক্ষা কৰিলে ২৮ হেজাৰ কাছৰ প্রাণ

আন্তৰ্জাতিক সন্মানেৰে বিভূষিতা লক্ষৌৰ তৰুণী

Arunima Singh Feature 1636463986

কাছৰ জীৱন ৰক্ষা কৰাটোৱেই তৰুণীগৰাকীৰ জীৱনৰ ব্রত। দিন-ৰাতি একাকাৰ কৰি দেশৰ বিভিন্ন অঞ্চলৰ কাছৰ বাসস্থান নদী আৰু জলাশয়সমূহৰ ৰক্ষাৰ কাম কৰি আছে তেওঁ৷ ইয়াৰ বাবে নিৰন্তৰ জন সচেতনতামূলক প্রচাৰাে অব্যাহত ৰাখিছে। ৰােধ কৰিছে কাছৰ চোৰাং সৰবৰাহ।

এই দৰেই বিগত আঠটা বছৰত কমেও ২৮ হেজাৰ কাছৰ প্রাণৰক্ষা কৰিছে উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ নিবাসী অৰুণিমা সিঙে। যাৰ বাবে তেওঁ অৱশেষত বিভূষিতা হ’ল এক আন্তর্জাতিক সন্মানেৰে। আন্তর্জাতিক সংগঠন ‘টার্টল ছাৰভাইভেল এলায়েন্স’ (টিএছএ)ৰ ভাৰত শাখাৰ সদস্যা অৰুণিমা এই বছৰৰ ‘নটৱেষ্ট আর্থ হিৰােজ ছেভ দ্য স্পেচিছ এৱাৰ্ড’ৰ বাবে মনােনীত হৈছে।

অৰুণিমাই পৰিৱেশ আৰু বন্যপ্রাণ সংৰক্ষণ সংক্রান্তীয় এই আন্তর্জাতিক পুৰস্কাৰ প্রাপ্তিত স্বাভাৱিকতে উচ্ছ্বসিত হৈ পৰিছে দেশৰ বন্যপ্রাণীপ্রেমীসকল। টিএছএৰ ভাৰত শাখাৰ প্রধান শৈলেন্দ্র সিঙে এই প্ৰসংগত কয়,’ভাৰতত বন্যপ্রাণ সংৰক্ষণৰ আন্দোলনৰ প্রথম শাৰীৰ নাম অৰুণিমা।

বিৰল ক্রাউণ্ড ৰিভাৰ টার্টল’ক লৈ তেওঁ গৱেষণাও কৰিছে। এই পুৰস্কাৰ তেওঁৰ প্রাপ্য। ‘আনহাতে, টিএছএৰ সদস্য ৰাজা মণ্ডলে কয়, ‘উন্নয়নৰ অভিঘাতত উত্তৰপ্ৰদেশৰ বিভিন্ন অঞ্চলৰ অনেক জলাশয় বিপন্ন হৈ পৰিছে। অৰুণিমাই এই পুৰস্কাৰ লাভ কৰাত এই দিশটোত আন্তর্জাতিক মহলৰ সামান্য সংখ্যকৰ হ’লেও দৃষ্টিগােচৰ হ’ব।

কাছসহবিভিন্ন লৱণহীন পানীৰ প্ৰাণীৰ সংৰক্ষণৰ কামে কিছু পৰিমাণে হ’লেও গতি লাভ কৰিব।’ উল্লেখ্য যে কমেও আঠটা প্ৰজাতিৰ লৱণহীন পানীত বাস কৰা কাছৰ লগতে উত্তৰপ্ৰদেশৰ গংগা অৱবাহিকাৰ লৱণহীন পানী কুম্ভীৰ, ঘঁৰিয়াল, শিহুসহ নানা বিধ জলচৰ প্রাণীৰ বাসস্থান।

লৱণহীন পানীৰ বাস্তুতন্ত্ৰৰ ৰক্ষাত এই প্রজাতিসমূহৰ ভূমিকা গুৰুত্বপূর্ণ। প্রধানকৈ এইবােৰক লৈয়ে অৰুণিমা আৰু তেওঁৰ সংস্থাই কাম কৰি আছে। উত্তৰপ্ৰদেশৰ নাৰােৰা পৰমাণু বিদ্যুৎ প্রকল্প কর্মী মণ্ডলে লগতে জনায় যে কাছ সংৰক্ষণৰ কাম কৰিবলৈ গৈ তেওঁলােক একাধিকবাৰ চোৰাং চিকাৰী চক্র আৰু স্থানীয় ভূ-মাফিয়াৰ আক্ৰমণৰাে সন্মুখীন হৈছিল।

Exit mobile version