Delhi : এই পৰ্যন্ত হ্ৰাস হোৱা নাই দিল্লীৰ বায়ু প্ৰদূষণ

tv6sfln4 delhi air pollution

এই পৰ্যন্তও খোলা নাই দিল্লীৰ কোনো বিদ্যালয় । কিয়নো- সেই বায়ু প্ৰদূষণ! এসপ্তাহ ধৰি দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কে’বাটাও পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু তথ্য মতে,আজিও চহৰখনত বায়ু প্ৰদূষণৰ স্তৰ হ্ৰাস হোৱা নাই।

ইয়াৰ ফলস্বৰূপে, কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এনচিআৰ) সকলো বিদ্যালয় বৰ্তমানৰ বাবে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

বায়ুৰ গুণগত মানদণ্ড আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা প্ৰণালীয়ে জনাইছে দেওবাৰে পুৱা ন বজাত দিল্লীৰ বায়ু প্ৰদূষণ সূচক আছিল ৩৪৭। দুদিন আগতে, শুক্ৰবাৰে, প্ৰদূষণ সূচক আছিল ৩৩২। পৰিৱেশবিদসকল প্ৰদূষণৰ স্তৰ বৃদ্ধিক লৈ চিন্তিত। উদ্বেগ বৃদ্ধি পাইছে কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰো ।

এই পৰিস্থিতিত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আজি এক জাননী জাৰি কৰি নিৰ্দেশ দিয়ে যে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ সকলো বিদ্যালয়, অৰ্থাৎ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, পৰৱৰ্তী জাননী জাৰি নোহোৱালৈকে অনলাইন শ্ৰেণী অব্যাহত ৰাখিব লাগিব।

অফলাইন শ্ৰেণীসমূহ কোনো প্ৰকাৰে প্ৰৱৰ্তন কৰিব নোৱাৰিব। এই নিয়ম সকলো শ্ৰেণীৰ বাবে প্ৰযোজ্য হ’ব। নিৰ্দেশনাৱলীত কোৱা হৈছে, “বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (চিএকিউএম) যিকোনো নতুন অধিসূচনা জাৰী নকৰালৈকে সকলো এনচিআৰ বিদ্যালয় অনলাইন চলিব।

সকলো ৰাজহুৱা আৰু বেচৰকাৰী বিদ্যালয়ে এই আদেশ পালন কৰিব লাগিব। অৱশ্যে, বোৰ্ডৰ প্ৰাৰ্থীসকলক নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। পৰৱৰ্তী সময়ত চিবিএছই আৰু আইচিএচই দশম শ্ৰেণীৰ প্ৰথম ছেমিষ্টাৰৰ পৰীক্ষা।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১৩ নৱেম্বৰত ১৫ নৱেম্বৰৰ পৰা দিল্লীৰ সকলো বিদ্যালয়ৰ অফলাইন শ্ৰেণী বন্ধ ৰখাৰ নিৰ্দেশ দিছিল। তাৰ পাছত, হাৰিয়ানাৰ চাৰিখন চহৰ – গুৰুগ্ৰাম, ফৰিদাবাদ, চনিপত আৰু ঝাজ্জৰকো কেৱল অনলাইন বিদ্যালয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

চিএকিউএমৰ নিৰ্দেশত যোৱা এসপ্তাহ ধৰি এনচিআৰত নিৰ্মাণ কাৰ্য স্থগিত হৈ আছে। বিদ্যালয়ৰ অফলাইন শ্ৰেণীসমূহো বন্ধ কৰি দিয়া হৈছে। চৰকাৰী কৰ্মচাৰীসকলক ২৬ নৱেম্বৰলৈকে ঘৰৰ পৰা কাম কৰিবলৈ কোৱা হৈছে।

বেছিভাগ কোম্পানীয়ে কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈও কৈছে। অপ্ৰয়োজনীয় সামগ্ৰীৰ ট্ৰাকবোৰ দিল্লীত প্ৰৱেশ কৰা বন্ধ কৰা হৈছে। কিন্তু ইমান বোৰ নিষেধাজ্ঞা থকা স্বত্বেও, দিল্লীৰ বায়ু এতিয়াও ‘বৰ বেয়া’।

দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বৃহস্পতিবাৰে দাবী কৰে যে দিল্লীৰ ৬৯ শতাংশ প্ৰদূষণৰ বাবে বিভিন্ন বাহ্যিক উৎস দায়ী, যাৰ ভিতৰত এটা আছিল নৰা জ্বলোৱা।

কিন্তু উচ্চতম ন্যায়ালয়ে দাবীটো মানি নল’লে। পৰিৱেশ মন্ত্ৰীয়ে কাইলৈ পুনৰ এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছে।

মন্ত্ৰালয়ৰ এজন বিষয়াই কয়, “দিল্লী চৰকাৰে চিএকিউএমৰ স’তে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি কিছু নিষেধাজ্ঞা আৰোপ কৰিছিল। যদি বায়ুৰ মানদণ্ড উন্নত নহয় তেন্তে অধিক কঠোৰ পদক্ষেপ ল’ব। কাইলৈ পৰিৱেশ মন্ত্ৰীৰ নেতৃত্বত এই বিষয়ে আলোচনা কৰা হ’ব। ”

Exit mobile version