Kamal Haasan : কৰ’নাত আক্ৰান্ত অভিনেতা কমল হাছান

1609919057 untitled design 2021 01 06t131244.246

কৰ’নাত আক্ৰান্ত কমল হাছান।চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেতা-ৰাজনীতিবিদজন। কৰ’নাত আক্ৰান্ত হোৱা কথা নিজে জনালে অভিনেতাগৰাকীয়ে ।

তেওঁ টুইটযোগে প্ৰকাশ কৰে যে আমেৰিকাৰ পৰা উভতি অহাৰ পাছতহে তেওঁৰ অসুস্থ হৈছিল । কৰ’না পৰীক্ষা কৰাৰ পাছত প্ৰতিবেদনত পজিটিভ আহে।

শৰীৰৰ অৱস্থাৰ বিষয়ে লিখাৰ লগে লগে তেওঁৰ অনুৰাগীসকললৈ লিখিছে, ‘কৰ’না আতিমাৰীয়ে এতিয়ালৈকে বিদায় লোৱা নাই। গতিকে সাৱধান হওক ।’

কমলে দুসপ্তাহ আগতে সাত নৱেম্বৰত ৬৭ বয়সত ভৰি দিয়ে। কেইদিনমান আগতে, কমলৰ জন্মদিন উপলক্ষে, দক্ষিণৰ পৰিচালক লোকেশ কানাগৰাজে তেওঁৰ ছবি ‘বিক্ৰম’ৰ প’ষ্টাৰ মুকলি কৰে। ছবিখনত অভিনয় কৰিছে কমলে ।

তেওঁ ক’ভিডত সংক্ৰমিত হোৱাৰ খবৰ পাইয়ে অনুৰাগীসকলৰ মনত একমাত্ৰ প্ৰশ্ন এইবাৰ ‘বিগ বছ তামিল ৫’-ৰ সঞ্চালকৰ ভূমিকাত কোনে পালন কৰিব? সময়ে উত্তৰ দিব।

Exit mobile version