Tajmahal: আধুনিক যুগৰ ‘ শ্বাহজাহান ‘ ! পত্নীৰ প্ৰতি ভালপোৱা নিদৰ্শন কৰিবলৈ নিৰ্মাণ কৰিলে ‘তাজমহল’

Burhanpur Tajmahal house

পত্নী বা প্ৰেমিকৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাৰ কথা শুনা যায় । প্ৰেম দেখুৱাবলৈ, স্বামী বা প্ৰেমিকে কেতিয়াবা পত্নী বা প্ৰেমিকক ফুল, কেতিয়াবা চকলেট, কেতিয়াবা দামী কাপোৰ বা সুগন্ধি দিয়ে। কিন্তু মধ্য প্ৰদেশৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ যি কৰিছে সেইয়া দেখি আপুনিও আচৰিত হ’ব।

মধ্য প্ৰদেশৰ বুৰহানপুৰৰ বাসিন্দা আনন্দ চোকছে। পত্নীৰ প্ৰতি থকা প্ৰেমৰ চিহ্ন হিচাপে উপহাৰ দিলে ‘তাজমহল’। যদি আপোনালোকে ভাবিছে যে ‘তাজমহল’টো দোকানৰ পৰা কিনি আনিছে তেন্তে আপোনাৰ ভুল হ’ব।হুবহু তাজমহলৰ দৰেই এটা ঘৰ নির্মাণ কৰি আনন্দই সেইটো তেওঁৰ পত্নীক উপহাৰ দিয়ে।

মোগল সম্ৰাট শ্বাহজাহানে যেনেদৰে পত্নী মমতাজৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিবলৈ তেওঁৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল সেই পথকে অনুসৰণ কৰিছে আনন্দই। কিন্তু পত্নীৰ স্মৃতিত নহয়,পত্নীৰ প্ৰতি প্ৰেম নিদৰ্শন হিচাপে তাজমহলৰ এটা সৰু সংস্কৰণ তৈয়াৰ কৰিছে তেওঁ ।

আনন্দই জনাই,এই বুৰহানপুৰতে মৃত্যু হৈছে মমতাজৰ। কিন্তু এই চহৰত তাজমহল নিৰ্মাণ নকৰি আগ্রাত কিয় নিৰ্মাণ তাজমহলটো নিৰ্মাণ কৰিলে সেই বিষয়টোৱে অবাক কৰিছে।

সেয়ে তেওঁ বুৰহানপুৰৰ তাজমহলৰ প্ৰতিকৃতি বনোৱাৰ সিদ্ধান্ত লয়। আনন্দে তাজমহলৰ আকৃতিত নিজৰ ঘৰটো নিৰ্মাণ কৰি পত্নীক উপহাৰ দিয়ে।

ঘৰটো নিৰ্মাণ কৰিবলৈ তিনি বছৰ লাগিছে। চাৰিটা শোৱনি কোঠাৰ স’তে ঘৰটোত আধুনিক সামগ্ৰীৰ কোনো অভাৱ নাই। আনন্দে ঘৰটো নিৰ্মাণ কৰিবলৈ ইন্দোৰ আৰু পশ্চিম বংগৰ দক্ষ শিল্পীসকলৰ সহায় লৈছে। কিন্তু ঘৰটো নিৰ্মাণ কৰিবলৈ কিমান টকা খৰচ হৈছে সেয়া প্ৰকাশ কৰা নাই আনন্দই।

Exit mobile version