বজালীৰ বৰ্ণালী দাসৰ কৃতিত্ব

সূৰ্যতকৈ ডাঙৰ আঠটা তৰাৰ সন্ধান দিলে বিশ্ববাসীক

be611509 7978 4910 9db0 2f5f0ac87f15

মহাকাশত সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ আঠটা তৰাৰ সন্ধান দি অসমবাসীৰ লগতে বজালী লৈ গৌৰৱ কঢ়িয়াই আনিছে বজালীৰ বৰ্ণালী দাসে ।

বজালীৰ পাটাছাৰকূছী সৰিহ চাকলা গাঁৱত ১৯৯৩ চনৰ ২৯ নবেম্বৰত জন্মলাভ কৰা বৰ্ণালীয়ে ১৯৯৭ চনত পাটাছাৰকূছী শংকৰদেৱ শিশু নিকেতনত নিজৰ শিক্ষাজীৱন আৰাম্ভ কৰে ।

চাকলা গাৱৰ নিবাসী প্ৰবক্তা মুনিন্দ্ৰ নাথ দাস আৰু শিক্ষয়িত্ৰী শিৰণ কলিতা দাসৰ দ্বিতীয় কন্যা সন্তানবৰ্ণালী দাসে ২০০৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাটাছাৰকূছী শংকৰদেৱ শিশু নিকেতনৰ পৰা চতুৰ্থ স্থান দখল কৰি সুনাম কঢ়িয়াই আনিছিল ।

২০১১ চনত পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হোৱা বৰ্ণালীয়ে ২০১৪ চনত দিল্লী হংষৰাজ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ২০১৬ চনত কানপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ পুনেস্থিত Tata Institute of Fundamental Research ত গৱেষণা কৰি থাকি সূৰ্যতকৈ ও ডাঙৰ আৰু উষ্ণ আৰু অতি চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী আঠটাকৈ তৰাৰ সন্ধান উলিয়াবলৈ সক্ষম হয় বৰ্ণালী দাসে ।

এই খবৰ প্ৰকাশ পোৱাৰ পাছতেই বজালীৰ জন্ম ভূমিত আনন্দৰ জোৱাৰ উঠে । উল্লেখ্য যে সম্প্ৰতি পুনেত থকা বৰ্ণালী দাসে গ্ৰহ নক্ষত্ৰৰ এই ৰহস্য ভেদৰ বাবে অহা জানুৱাৰী মাহত আমেৰিকা লৈ উৰা মাৰিব ।

Exit mobile version