শালবাৰীৰ জনাঞ্চলত মানাহৰ ভালুকৰ বিচৰণ

বন বিভাগৰ চেষ্টাত আজি মানাহৰ অৰণ্যমুখী হয় ভালুকটো

মানাহৰ বনাঞ্চলৰ পৰা ওলাই অহা এটা ভালুকৰ বিচৰণে দুদিন ধৰি একপ্ৰকাৰ উত্তেজনাৰ সৃষ্টি কৰিছে বাগসাৰ শালবাৰীৰ কুন্দৰগাঁৱৰ জনাঞ্চলত ৷ অৱশেষত অশেষ চেষ্টাৰ অন্তত আজি দুপৰীয়া ভাগত ভালুকটোক পুনৰায় অৰণ্যমুখী কৰাবলৈ সক্ষম হয় মানাহৰ বন বিভাগে ৷

সূত্ৰ অনুসৰি, দেওবাৰে দুপৰীয়া শালবাৰী মহকুমাৰ চহোগুৰিৰ সমীপৱৰ্তী কুন্দৰগাঁৱৰ এডৰা বাঁহনিৰ মাজত ভালুকৰ অৱস্থিতি প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ পিছ মুহূৰ্ততে ৰাইজে এই খবৰ লাভ কৰাত মানাহৰ বন বিভাগ আৰু মানাহ মাউজিগেন্দ্ৰি ইক’টুৰিজিম ছ’চাইটিক অৱগত কৰে ৷ সেইমৰ্মে মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ বন বিষয়া কামেশ্বৰ বড়োৰ নেতৃত্বত বন বিভাগৰ দল আৰু মানাহ মাউজিগেন্দ্ৰি ইক’টুৰিজিম ছ’চাইটিৰ এটা দলৰ উপৰি আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ৷

ভালুক চাবলৈ অঞ্চলটো লোকে লোকাৰণ্য হৈ পৰে কুন্দৰগাঁৱত ৷ আবেলি প্ৰায় আঢ়ৈ বজাৰ পৰা বন বিভাগৰ দলে ভালুকটোক তাৰ পৰা স্থানান্তৰ কৰিবলৈ বিভিন্ন প্ৰক্ৰিয়া অৱলম্বন কৰে আৰু সন্ধিয়ালৈ জাল পাতি ভালুকটো আৱদ্ধ কৰাৰ চেষ্টা চলায় যদিও অসফল হয় ৷ ইফালে, আন্ধাৰ নামি অহাৰ পাছতে ভালুকটো উক্ত স্থানৰ পৰা আন স্থানলৈ গতি কৰাত বন বিভাগে অভিযান সামৰিবলগা হয় ৷ আজি পুৱাৰে পৰা কুন্দৰগাঁৱৰ কাষৰীয়া অঞ্চলত ভালুকটোৰ সন্ধানত বন বিভাগে পুনৰ অভিযান আৰম্ভ কৰে ৷

উল্লেখযোগ্য যে, আজি দুপৰীয়া ভাগলৈ ভালুকটোৱে গঞাৰ বাৰীত খাই যোৱা কলগছ প্ৰত্যক্ষ কৰে অভিযানকাৰী দলটোৱে আৰু সেইমৰ্মে ভালুকটোৰ খোজ অনুসৰণ কৰি ৰাবাংগুৰি, বড়োবজাৰ হৈ ভালুকটো মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ বনাঞ্চলত প্ৰৱেশ কৰা বুলি নিশ্চিত হোৱাত অভিযান সামৰে বন বিভাগে ৷

Exit mobile version