সংসদৰ পাবলিক একাউন্টছ কমিটী (পিএচি)ৰ শতবর্ষ অনুষ্ঠানত পাকিস্তানৰ চেনেটৰ চেয়াৰমেন মোহম্মদ ছাদিক সঞ্জৰানিক আমন্ত্রণ জনালে লোকসভাৰ স্পিকাৰ ওম বিৰলাই । পাকিস্তানৰ উপৰিও কমনৱেলথ দেশসমূহৰ পার্লিয়ামেন্টৰ স্পিকাৰসকলকো এই বৈঠকত যোগ দিবৰ বাবে আমন্ত্রণ জনোৱা হৈছে ।
অহা চাৰি ডিচেম্বৰ পিএচি-ৰ শতবর্ষ অনুষ্ঠানৰ উদ্বোধন কৰিব ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে । দুদিনীয়া সন্মিলনত অন্তিম দিনাখন বক্তব্য দিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । দুদিনীয়া এই সন্মিলনত শেষ পর্যন্ত পাকিস্তানে যদি প্রতিনিধি পঠায় তেনেহ’লে, সেয়া কূটনৈতিকভাৱে তাৎপর্যপূর্ণ হ’ব । কাৰণ, ২০১৯ত নৰেন্দ্র মোদী চৰকাৰে জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা প্রত্যাহাৰ কৰি পাকিস্তানৰ স’তে ভাৰতৰ কূটনৈতিক সম্পর্ক ভংগ কৰে । তাৰ পাছৰ পৰা দুই দেশৰ সম্পর্কত উন্নতি দেখিবলৈ পোৱা নাযায় ।
এই বিষয়ত পিএচি চেয়াৰমেন অধীৰ চৌধুৰীয়ে কয়, ‘‘পাকিস্তানসহ কমনৱেলথ দেশসমূহৰ পার্লিয়ামেন্টৰ প্রত্যেকজন স্পিকাৰলৈ আমন্ত্রণ গৈছে । পাকিস্তানৰ প্রতিনিধিয়ে যোগ দিলে দুপক্ষই পাৰস্পৰিক মত বিনিময় কৰিব পাৰিব ।’’