ক’ভিডত বিদ্যালয় বন্ধৰ ফলত বাঢ়িল লিংগ বৈষম্য

school girls EPS

ক’ভিড অতিমাৰীয়ে কেৱল অধ্যয়নৰে ক্ষতি কৰা নাই । অতিমাৰীৰ ফলত দীৰ্ঘদিন ধৰি বিদ্যালয় বন্ধ থকাৰ ফলত সৃষ্টি হ’ল এক বৃহৎ সামাজিক সমস্যাৰ আৰু এই সমস্যাটো হৈছে লিংগ বৈষম্য । ইউনেস্ক’ৰ নতুন সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে ।

‘হুৱেন স্কুলছ ছাট : জেণ্ডাৰড ইম্পেক্টছ অৱ ক’ভিড-১৯ স্কুল ক্ল’জাৰ্ছ’ শীৰ্ষক বিশ্বব্যাপী চলোৱা এই সমীক্ষাত উল্লেখ কৰা অনুসৰি, কেৱল নাবালক শিক্ষাৰ্থীৰ ক্ষেত্ৰতে নহয়, দীৰ্ঘদিন ধৰি বিদ্যালয় বন্ধ থকাৰ ফলত নেতিবাচক প্ৰভাৱ পৰিছে কিশোৰ-কিশোৰীৰ ওপৰতো ।

ইউনেস্ক’ৰ সহকাৰী সঞ্চালক ষ্টেফানিয়া জিয়ান্নিনিয়ে এই সন্দৰ্ভত কয়, ‘ক’ভিড-১৯ৰ সংক্ৰমণত বিশ্বৰ ১৯০ খন দেশৰ ১.৬ বিলিয়ন শিক্ষাৰ্থীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছিল । কেৱল অধ্যয়নৰ ক্ষতি হোৱাই নহয়, নিয়মিত বিদ্যালয়লৈ যোৱাৰ যি সুফল থাকে, তাৰ পৰাও শিক্ষাৰ্থী বঞ্চিত হৈছিল । সবাতোকৈ উদ্বেগজনক সমস্যাটো হ’ল ক’ভিড-১৯ত বিদ্যালয় বন্ধ থকাৰ ফলত লিংগ বৈষম্য বৃদ্ধি পালে । দৰিদ্ৰ দেশৰ বহু কন্যা সন্তানে ক’ভিডত বিদ্যালয় ত্যাগ কৰি ঘৰুৱা কাম-কাজত নিয়োজিত হ’ল আৰু তেওঁলোকে বিদ্যালয়লৈ উভতি অহা নাই । ফলত লিংগ বৈষম্য বৃদ্ধি পাইছে ।’

Exit mobile version