বাগসাৰ শালবাৰীৰ কালপানীৰ এলেঙামাৰীত আজি পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ উদ্যোগত সুস্থ নাগৰিক সুস্থ দেশ শীৰ্ষক এক সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়৷
ADVERTISEMENT
পি এফ আইৰ কালপানী এৰিয়া সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে এলেঙামাৰী চ’কত অনুষ্ঠিত স্বাস্থ্য সজাগতা কাৰ্যসূচীমৰ্মে ৰাতিপূৱাৰ ভাগত মাৰাথন ৰেলী, পতাকা উত্তোলন,গছ পুলি ৰোপন,যোগ চৰ্চা (শৰীৰচৰ্চা), বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালি আদি অনুষ্ঠিত হয়৷
আবেলি স্বাস্থ্য সজাগতা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়৷দিনযোৰা কাৰ্যসূচীত ভিন্ন প্ৰান্তৰ অতিথি সকলৰ সৈতে স্থানীয় ৰাইজে সহযোগিতা কৰা পৰিলক্ষিত হয়৷