গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপন কৰাৰ দাবী

চিলাৰায় মহাবিদ্যালয়ৰ সন্মুখত বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিবাদ সাব্যস্ত কৰে

WhatsApp Image 2021 11 28 at 2.07.13 PM

ধুবুৰী জিলাৰ চিলাৰায় মহাবিদ্যালয়ৰ সন্মুখত বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ – ছাত্ৰী সকলেও প্ৰতিবাদ সাব্যস্ত কৰে।

ধুবুৰী জিলাৰ গোলকগঞ্জত আক্ৰাছুৰ শ্বহীদ দিৱসৰ দিনা অৰ্থাৎ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আহি প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ শেষত পোন প্ৰথমে গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপন কৰা হব ।

কিন্তু শেহতীয়াকৈ বঙাইগাঁওত অনুষ্ঠিত হোৱা কেবিনেটত ৰাজ্যত ছখনকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় লৈ ৰূপান্তৰিত কৰাৰ ঘোষণা কৰে যদিও তাত চিলাৰায় বিশ্ববিদ্যালয়ৰ নাম ঘোষণা নকৰাত বিভিন্ন দল সংগঠনৰ লগতে চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলেও মহাবিদ্যালয় খনৰ সম্মুখত প্ৰতিবাদ কৰে ।

অতি শীঘ্ৰেই মহাবিদ্যালয় খনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ দাবী জনায় ছাত্ৰ ছাত্ৰী সকলে । আক্রছুৰ শ্বহীদ দিৱসৰ দিনা দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে শ্বহীদক চৰম অপমান কৰা হ’ব বুলি উল্লেখ কৰে আক্ৰছুৰ কর্মী চন্দন ৰায়ে।

যিহেতু নামনি অসম তথা ধুবুৰী জিলা শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা তেনেক্ষেত্ৰত ধুবুৰী জিলাত বিশ্ববিদ্যালয়খন স্থাপন কৰিলে বহুতো ছাত্ৰ ছাত্ৰী ৰ সুবিধা হব লগতে শিক্ষাৰ ক্ষেত্ৰত ধুবুৰী জিলা বহুত আগবাঢ়ি যাব ।

Exit mobile version