মোদীৰ আমোলত ভাঙি পৰিছে সংসদীয় ব্যৱস্থা । বহু বিল আছে যিসমূহ এতিয়াও পাছ হোৱা নাই বুলি অভিযোগ কৰিছে বিৰোধীসকলে । ইপিনে, সংসদৰ পৰা বিৰোধী সাংসদক বৰ্খাস্ত কৰাকে ধৰি একাধিক অভিযোগ শাসক দলৰ বিৰুদ্ধে ।
বিজেপিৰ তৰফৰ পৰা দাবী কৰা হৈছে মোদীৰ আমোলতেই অধিক সচল সংসদ । আনহাতে, বিৰোধীসকলৰ দাবী সংসদীয় কমিটীত বিল পঠোৱা আৰু গণতন্ত্র একেই নহয় । বিজেপিয়ে উভতাই দাবী কৰে, ইউপিএ-ৰ আমোলত জোঁট নির্ভৰতা সিদ্ধান্তহীনতাৰ কাৰণ আছিল । যদিও বিৰোধীসকলে দেওবাৰে দাবী কৰে যে মোদী চৰকাৰে বিৰোধীসকলৰ স’তে আলচনাৰ অবিহনেই এক পক্ষীয়ভাৱে বিভিন্ন বিল পাছ কৰিছে । লোকসভা আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা থকাৰ সুযোগ লৈছে বিজেপিয়ে । স্ক্রুটীনিৰ প্রয়োজন থকা সত্ত্বেও বিভিন্ন বিল ছিলেক্ট কমিটীত পঠোৱা হোৱা নাই এই দাবীও কৰা হৈছে বিৰোধী পক্ষৰ পৰা ।
মঙলবাৰে বহুকেইটা পৰিসংখ্যা প্রকাশ কৰা হৈছে বিজেপিৰ তৰফৰ পৰা । পৰিসংখ্যা অনুসৰি, ১৯৯৩ৰ আগলৈকে ছিলেক্ট কমিটীৰ কোনো অস্তিত্ব নাছিল । ১৯৫২ৰ পৰা ১৯৯৩ পর্যন্ত ৪১ বছৰ এই কমিটীৰ অবিহনেই সংসদ চলিছে । সেই সময়ত পুনর্বিবেচনাৰ বাবে ছিলেক্ট কমিটীত প্ৰেৰণ কৰাৰ কোনো সুযোগ নাছিল । সেই সময়ত দেশত গণতন্ত্র নাছিল নেকি ? এই প্রশ্নও উত্থাপন হৈছে বিজেপিৰ তৰফৰ পৰা ।