গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষিত

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় । ছাত্ৰ একতা সভাৰ সভাপতি পদত জয়ী হয় আছু-ৰ হেমেন কলিতা, সাধাৰণ সম্পাদক পদত জয়ী এন.এছ.ইউ.আই.ৰ বিকি শৰ্মা, উপ-সভাপতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ নৱদ্বীপ বৰগোহাঁই ।

ADVERTISEMENT

উল্লেখ্য, আছু চাৰিগৰাকী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ এগৰাকী, এন.এছ.ইউ.আই.ৰ পাঁচগৰাকী, অসম ছাত্ৰ পৰিষদৰ তিনি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দুগৰাকী প্ৰাৰ্থী জয়ী হয় ।

আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি শ্ৰী ভূপেন কুমাৰ বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক বিকি শৰ্মা, সহকাৰী সাধাৰণ সম্পাদিকা ৰশ্মি কলিতা, সমাজ সেৱা সম্পাদক বিষুৱ মেধি, খেল সম্পাদক গণেশ বড়ো, সাহিত্য সম্পাদক প্ৰতিম দেৱ শর্মাক সম্বৰ্ধনা জনায় ।

Exit mobile version