কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ণ খণ্ডৰ অধিন চিথিলা নামাপাৰা সংলগ্ন পথত থকা দিকদাৰী দলংখন দীৰ্ঘ দিনৰ পৰা ভাঙি ছিঙি জৰাজীৰ্ন অৱস্থা হোৱাৰ বাবে পৰিদৰ্শন কৰে বিটিছিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ইএম অৰূপ কুমাৰ দে।
দলংখন পৰিদৰ্শন কৰি ইএম অৰূপ কুমাৰ দে কিছুদিনৰ ভিতৰতে নিৰ্মান কাৰ্য আৰম্ভ কৰিব বুলি ৰাইজৰ আগত আশ্বাস প্ৰদান কৰে ।
ইএম জনৰ পৰিদৰ্শন কালত সংগ দিয়ে বিজেপিৰ মণ্ডল পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগতে বুথ পৰ্যায়ৰ কৰ্মকৰ্তাৰ উপৰিও নামাপাৰা গাঁওৰ গাওবুঢ়ায়ে ।
উল্লেখ্য যে বিটিছিত ১৭ বছৰ শাসন কালত বিপিএফ নেতৃত্বাধীন চৰকাৰ খনে এই দিকদাৰী দলংখনৰ কথা চিন্তা নকৰাৰ বাবে উক্ত দলংখনত বিভিন্ন ধৰনৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।
এইবেলি বিজেপি ইউপিএল নেতৃত্বাধীন পৰিবৰ্তন কামী চৰকাৰ খনে দলংখন নিৰ্মানৰ কাম আৰম্ভ কৰিব বুলি স্থানীয় ৰাইজৰ লগতে পথচাৰী সকলোও স্বস্থিৰ নিশ্বাস পেলাইছে ।