তাঁতশালৰ খিট্‌খিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই থকা এটা থলুৱা উদ্যোগ, য’ত এদল মহিলাই ৰচে জীয়াই থকাৰ সপোন

IMG 20211202 150018

অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা তাঁতশালৰ খিট্‌খিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই থকা ঢেকিয়াজুলিৰ এটা থলুৱা উদ্যোগ ৷ য’ত এদল মহিলাই তাঁতশালত ৰচে জীয়াই থকাৰ সপোন ৷ য’ত একেলগে পুৱাৰ পৰা গধুলিলৈকে এদল শিপিনীৰ ব্যস্ততা ৷ ঢেকিয়াজুলিৰ ভালুকধৰাত গঢ়ি উঠা “সতীৰ্থ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ হস্ততাঁত বয়নশিল্প নামৰ এটি সম্ভাৱনাপূৰ্ণ থলুৱা ক্ষুদ্ৰ উদ্যোগত শিপিনীৰ হাতৰ পৰশত তৈয়াৰ হৈছে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা আদি ৷ ঢেকিয়াজুলিৰ “সতীৰ্থ” হস্ততাঁত বয়নশিল্প থলুৱা ক্ষুদ্ৰ উদ্যোগত মহিলা সৱলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিত অৰিহণি আগবাঢ়াইছে ৷ এই থলুৱা উদ্যোগটো গঢ়ি উঠাৰ আঁৰত আছে ইতিবাচক প্ৰচেষ্টা ৷

এতিহ্যমণ্ডিত ঢেকিয়াজুলি হাইস্কুলত অধ্যয়ন কৰা ১৯৮৭ৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অলপতে একত্ৰিত হৈ ‘সতীৰ্থ’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ গঠন কৰে ৷ ইয়াৰ পাছতেই হস্ততাঁত বয়নশিল্পৰ এটা থলুৱা উদ্যোগ আৰম্ভ হয় ৷ হস্ততাঁত বয়ন শিল্পৰ স’তে নতুন প্ৰজন্মক জড়িত কৰাৰ উপৰিও এই শিল্পক নতুন ৰুপ দি নাৰী সৱলীকৰণত অৱদান আগবঢ়াব পৰাকৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ভালুকধৰাত এটা বয়ন শিল্পৰ উদ্যোগ গঢ়ি এতিয়া চৰ্চিত হৈছে অনুষ্ঠানটো ।

উল্লেখ্য যে, বজাৰত সহজতে উপলব্ধ হোৱা অসমীয়া জাতিৰ স্বাভিমান হিচাপে পৰিচিত গামোচাসমূহৰ অধিকাংশই অধিক মুনাফালোভী একাংশ ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ মেচিনত উৎপাদিত আৰু নিম্ন মানদণ্ডৰ গামোচা ক্ৰয় কৰি বজাৰ ভৰাই পেলোৱাৰ ফলত থলুৱা শিপিনীসকল সংকটত পৰিবলগা হৈছে । তথাপিতো অসমৰ এই শিল্প কৰ্মৰ প্ৰতি দৰদ থকা একাংশ লোকে এই থলুৱা উদ্যোগটো স্থাপন কৰি প্ৰত্যাহ্বানৰ মাজতো ঢেকিয়াজুলিৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু মহিলাক ইয়াত সংস্থাপনৰ ব্যৱস্থা কৰিছে ।

ইপিনে, তাঁতশালত সপোন ৰচি ভালপোৱা এই শিপিনীসকলৰ দ্বাৰা বোৱা একো একোখন গামোচাৰ মূল্য সৰ্বনিম্ন ২০০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকালৈ বুলি জানিবলৈ দিয়ে সতীৰ্থৰ অন্যতম সদস্য ৰূপজ্যোতি পটংগীয়াই ।

এই উদ্যোগ স্থাপন কৰা অন্যতম সদস্য হৈছে কন্দৰ্প বৰা ৷ বৰ্তমান ইয়াত ২২খন শাল স্থাপন কৰি গামোচা উৎপাদন কৰা হৈছে ৷ আগন্তুক ৰঙালী বিহুত পাঁচ হেজাৰখন গামোচা বিক্ৰীৰ বাবে সাজো কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে ১১খন শাল নতুনকৈ ইয়াত স্থাপন কৰি মেখেলা চাদৰ আদি তৈয়াৰ কৰিব বুলিও প্ৰকাশ কৰে ৷ চৰকাৰী সাহাৰ্য অবিহনে থলুৱাভাৱে তাঁতশালত বোৱা গামোচা বিক্ৰী কৰিয়েই ইয়াত কৰ্মৰত প্ৰায় ২০ গৰাকী মহিলাক সামান্য পাৰিশ্ৰমিক প্ৰদান কৰি অসমীয়া জাতিৰ স্বভিমান জড়িত এই শিল্প কৰ্মক জীয়াই ৰাখিছে সতীৰ্থ নামৰ বেচৰকাৰী সংগঠনটোৱে । এখন বিদ্যালয়ত এসময়ত অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ লোৱা পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ৷

Exit mobile version