সৃষ্টিশীল লেখক আৰু প্ৰকাশকক উদগনিৰ বাবে ব্যতিক্ৰমী পদক্ষেপ

প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদানৰ সিদ্ধান্ত

WhatsApp Image 2021 12 02 at 12.08.39 PM

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত বৰ্ষৰ পৰা সৃষ্টিশীল লেখক আৰু প্ৰকাশকৰ বাবে প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰৱৰ্তন কৰা হৈছে । অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদ মেলত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰে ।

আজিৰ সংবাদমেলখনত সাংবাদিকসকলক সম্বোধন কৰি সচিব কলিতাই কয় যে, সাহিত্যৰ তিনিটা শাখা ক্ৰমে উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ লেখকৰ মাজৰ পৰা এগৰাকী লেখকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হ’ব । লগতে এই সাহিত্য বঁটাৰে পুৰস্কৃত হোৱা গ্ৰন্থখনৰ প্ৰকাশককো সমমৰ্যদাৰে এটা বঁটা প্ৰদান কৰা হ’ব । এই দুয়োটা বঁটাত থাকিব দুই লাখকৈ টকা আৰু একোখনকৈ প্ৰশস্তি পত্ৰ ।

উল্লেখ্য যে সাহিত্যৰ ক্ষেত্ৰত লেখকক বঁটা প্ৰদান কৰাটো এটা সাধাৰণতে হৈ থকা কথা যদিও ভাৰতবৰ্ষত প্ৰথমবাৰলৈ লেখকৰ সমান্তৰালকৈ প্ৰকাশকক এনেদৰে বঁটা প্ৰদান কৰা এই ব্যৱস্থা এক বিৰল উদাহৰণ হিচাপে চিহ্নিত হ’ব । সচিব কলিতাই এই প্ৰসংগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বঁটা প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ বিষয়েও ব্যক্ত কৰে ।

সচিব কলিতাই এই বঁটাৰ নিয়ম সম্পৰ্কেও সংবাদমেলত কিছু ব্যাখ্যা দাঙি ধৰে । সচিবগৰাকীয়ে জনোৱা মতে, ২০১৮ৰ এক জানুৱাৰীৰ পৰা ২০২০ৰ ৩২ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থহে এই বঁটাৰ বাবে নিৰ্বাচিত হ’ব ।

অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে এখন প্ৰ-পত্ৰ প্ৰচাৰ মাধ্যমযোগে প্ৰকাশ কৰা হ’ব আৰু নিৰ্ধাৰণ কৰি দিয়াৰ সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকে এই প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব ।

লেখক-প্ৰকাশকসকলে অসম প্ৰকাশন পৰিষদৰ ৱেবছাইট www.publicationboardassam.comৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব । প্ৰ-পত্ৰ অনলাইনযোগে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰ-পত্ৰৰ স’তে গ্ৰন্থৰ পাঁচটা কপি অহা ১০ ডিচেম্বৰ ২০২১ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব । প্ৰ-পত্ৰ প্ৰেৰণৰ ডাক ঠিকনা : অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১, ই-মেইল : assampublicationboard@gmail.com ।

Exit mobile version