কৰ’না ভাইৰাছৰ নতুন প্রজাতি অ’মিক্রনৰ দ্রুত সংক্রমণে সমগ্র বিশ্বলৈ নতুন বিপদ মাতি আনিছে। ক’ভিড-১৯ৰ এই নতুন দ্রুত সংক্ৰমণকাৰী প্ৰজাতিক লৈ ইতিমধ্যে সমগ্র বিশ্ব চিন্তিত হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বুধবাৰলৈকে বিশ্বৰ কমেও ২০ খন দেশত অ’মিক্রনৰ সংক্রমণ ধৰা পৰিলে। এনে পৰিস্থিতিত ক’ভিড মহামাৰীয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব নেকি বুলি বিশ্বজুৰি প্রশ্ন উত্থাপিত হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে প্রতিখন দেশকে নতুন প্রজাতিৰ ভাইৰাছৰ সংক্ৰমণৰ সন্দৰ্ভত অধিক সতর্ক হ’বলৈ পৰামর্শ দিছে।
বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি, অ’মিক্রন প্রজাতি হৈছে পূর্বে চিনাক্ত হােৱা ক’ভিডৰ আন প্ৰজাতিৰ তুলনাত অধিক সংক্রামক। অৱশ্যে এতিয়াও অ’মিক্রনৰ মাৰণ ক্ষমতা জানিব পৰা হােৱা নাই।
কিন্তু দ্রুত সংক্রামক পূর্বে ধৰা পৰা ক’ভিড প্রজাতিৰ মাৰণ ক্ষমতা অধিক হােরাৰ প্রতি লক্ষ্য ৰাখি অ’মিক্ৰন ই ইয়াৰ ব্যতিক্রম নহ’ব পাৰে বুলি গৱেষকসকলে শংকা প্ৰকাশ কৰিছে।
আমেৰিকাই অ’মিক্রন প্ৰতিৰােধৰ বাবে ইতিমধ্যে সকলাে আন্তঃৰাষ্ট্রীয় যাত্ৰীৰ প্ৰস্থানৰ ২৪ ঘণ্টাৰ পূর্বে ক’ভিড পৰীক্ষণৰ ‘নিগেটিভ’ প্রতিবেদন দাখিল কৰাটো বাধ্যতামূলক কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ অ’মিক্ৰন যথেষ্ট বিপজ্জনক বুলি মন্তব্য কৰি ৬০ ঊর্ধ্বৰ বয়সৰ লােকক সম্প্রতি ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামর্শ দিছিল।
ইফালে, গ্রীচ চৰকাৰে ৬০ ঊর্ধ্বৰ বয়সৰ লােকৰ বাবে ক’ভিড-১৯ৰ টিকাকৰণ বাধ্যতামূলক ঘােষণা কৰিলে। গ্রীচত অহা ১৬ জানুৱাৰীৰ ভিতৰত প্ৰতিষেধকৰ প্ৰথমটো পালি নােলােৱা ব্যক্তিক জৰিমনা বিহা হ’ব।