- জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।
- সমাজত অৱদান আগবঢ়োৱা সকললৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসামৰিক সন্মান প্ৰদান কৰা হ’ব ।
- প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হ’ব ।
- প্ৰথম অসামৰিক বঁটা হ’ব অসম বৈভৱ, দ্বিতীয়টো অসম সৌৰভ আৰু তৃতীয়টো অসম গৌৰৱ ।
- অসম বৈভৱ বঁটাত পাঁচ লাখ টকাৰে সন্মানিত কৰা হ’ব আৰু বছৰি দুই লাখ টকালৈকে ৰাজ্য চৰকাৰে চিকিৎসাৰ ব্যয় বহন কৰিব ।
- অসম সৌৰভ বঁটাত থাকিব চাৰি লাখ টকা আৰু ৰাজ্য চৰকাৰে বছৰি চিকিৎসাৰ ব্যয় বহন কৰিব দুই লাখ পৰ্যন্ত ।
- অসম গৌৰৱ বঁটাত তিনি লাখ টকা প্ৰদান কৰা হ’ব আৰু বছৰি তিনি লাখ টকা পৰ্যন্ত ৰাজ্য চৰকাৰে চিকিৎসাৰ ব্যয় বহন কৰিব ।
ADVERTISEMENT
- সন্মানিত ব্যক্তিসকলক সকলো চৰকাৰী অনুষ্ঠানতে আমন্ত্ৰণ কৰা হ’ব ।
- বছৰি ১৯ জনক এই সন্মানেৰে সন্মানিত কৰা হ’ব ।
- আগন্তুক বৰ্ষৰ ২৪ জানুৱাৰী ২০২২ত চলিত বৰ্ষৰ বঁটাসমূহ প্ৰদান কৰা হ’ব ।
- অনাগত বৰ্ষৰ পৰা দুই ডিচেম্বৰ ‘অসম দিৱস’ৰ দিনা এই বঁটা প্ৰদান কৰা হ’ব ।
- এইবাৰৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হ’ব ৰতন নভল টাটাক ।
- প্ৰাক্তন অধ্যক্ষ কমলেন্দু দেৱ ক্ৰ’ৰী, ড° লক্ষ্মণন এছ, ড° দীপক চান্দ জৈন, লাভলীনা বৰগোহাঁই আৰু নীলপৱন বৰুৱালৈ অসম সৌৰভ বঁটা ।
- অসম গৌৰৱ বঁটা প্ৰদান কৰা হ’ব মুনীনন্দ্ৰ নাথ নাতে, আকাশ জ্যোতি গগৈ, মনোজ কুমাৰ বসুমতাৰী, ড° বসন্ত হাজৰিকা, খৰছিং টেৰণ, ববী হাজৰিকা, হেমপ্ৰভা চুতীয়া, নমিতা কলিতা, বনিতা মমীন, ধৰণীধৰ বড়ো, কৌশিক বৰুৱা, কল্পনা বড়ো আৰু ডাঃ আছিফ ইকবালক ।