যিমানে উপকূলৰ কাষ চাপি আহিছে, সিমানে বৃদ্ধি পাইছে দুর্যোগ । ওড়িছা উপকূলত প্রৱল বৃষ্টিপাত হৈছে জাৱাদৰ ফলত । শেষ উপগ্রহ চিত্র পর্যৱেক্ষণ অনুযায়ী, বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে, পুৰীৰ পৰা সম্প্ৰতি ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে ‘জাৱাদে’ । গোপালপুৰৰ পৰ ৯০ কিলোমিটাৰ । প্রৱল বৃষ্টিপাতত বিপর্যস্ত পুৰী, গোপালপুৰ ।
শক্তি হেৰুৱাই ইতিমধ্যে গভীৰ নিম্নচাপত পৰিণত হৈছে ‘জাৱাদ’ । বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে,আৰু প্ৰায় ছঘণ্টা গভীৰ নিম্নচাপ হিচাপে পুৰীত বৃষ্টিপাত ঘটাই পাছত সাধাৰণ নিম্নচাপত পৰিণত হ’ব ‘জাৱাদ’ । আজি মাজনিশা সাধাৰণ নিম্নচাপ হিচাপে পশ্চিমবংগত প্রৱেশ কৰিব ‘জাৱাদে’ । সম্প্ৰতি প্ৰতি ঘণ্টাত ২০ কিলোমিটাৰ গতিবেগত উত্তৰ-উত্তৰ পূৱৰ দিশে অগ্রসৰ হৈছে জাৱাদ । জাৱাদৰ ফলত ইতিমধ্যে পশ্চিমবংগৰ উপকূলতো দুর্যোগ আৰম্ভ হৈছে ।
বকখালিত পুৱাৰ পৰাই বৰষুণ আৰম্ভ হৈছে । সময়ৰ লগে লগে বৰষুণৰ পৰিমাণো বৃদ্ধি পাইছে । দিঘাতো বৃষ্টিপাত হৈছে । দিঘাৰ সমুদ্রত ঢৌৰ সৃষ্টি হৈছে ।