বিশ্বজুৰি বৃদ্ধি পাইছে অ’মিক্রন সংক্রমণ । ভাৰততো প্রতিদিন বাঢ়িছে আক্রান্তৰ সংখ্যা । তেনে সময়তে দেশত পুনৰ কৰ’নাৰ নতুন তৰংগ অহাৰ সম্ভাৱনাৰ কথা জনালে আইআইটিৰ বিজ্ঞানী মনীন্দ্র আগৰৱালে । আগন্তুক সতর্কবার্তা দি বিজ্ঞানীগৰাকীয়ে কয় যে, ২০২২ৰ ফেব্রুৱাৰীত সংক্রমণ পুনৰ শিখৰ চোব । দৈনিক আক্রান্তৰ সংখ্যা একৰ পৰা ডেৰ লাখ পর্যন্ত হ’ব ।
এই বিজ্ঞানী মেথমেটিকেল প্রজেকছনৰ মাধ্যমত কৰ’না ঢৌৰ এই পূর্বাভাস দিছে । তৃতীয় ঢৌক লৈ ভাৰতে কিমান সতর্ক হ’ব লাগিব ? সংবাদ মাধ্যমক মনীন্দ্রই জনায়, “এই নতুন প্রজাতিৰ ফলত দেশে ফেব্রুৱাৰীৰ ভিতৰতে তৃতীয় তৰংগৰ সন্মুখীন হ’ব । যদিও দ্বিতীয় তৰংগতকৈ ইয়াৰ প্রাবল্যতা বহু পৰিমাণে কম হ’ব বুলি তেওঁ জনাইছে ।
ইপিনে, অ’মিক্রন (Omicron) আতংকৰ সময়তেই উদ্বেগজনক খবৰ দিলে বিশ্ব স্বাস্থ্য সংস্থাৰ (World Health Organization) প্রধান বিজ্ঞানী ছৌম্যা স্বামীনাথনে (Soumya Swaminathan) । তেওঁ সোমবাৰে কয়, ডেল্টাৰ (Delta Variant) তুলনাত অ’মিক্রনত সংক্রমণ অধিক হয় । প্রথম সংক্রমণৰ ৯০ দিনৰ ভিতৰত পুনঃসংক্রমণ (Reinfection) হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰি, এই প্রজাতিত অধিক মাত্রাত শিশুসকল আক্রান্ত হ’ব বুলি জনোৱা হৈছে ।
বিজ্ঞানী ছৌম্যা স্বামীনাথনে এক সংবাদমাধ্যমৰ স’তে হোৱা সাক্ষাৎকাৰত কয় যে, অ’মিক্রনৰ প্রজাতি বর্তমান দক্ষিণ আফ্রিকাৰ অত্যন্ত প্রভাৱশালী ষ্ট্ৰেন । যদিও ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে জানিবলৈ আৰু বহু সময় লাগিব বুলি তেওঁ জনাইছে । বিজ্ঞানীগৰাকীয়ে কয়, “প্রায় তিনগুণ অধিক হাৰত সংক্রমণ বৃদ্ধি হৈছে । ই কিমান গুৰুতৰ সেয়া জানিবলৈ হাস্পাতালত ভর্তিৰ হাৰ বিশ্লেষণ কৰিব লাগিব ।”
উদ্বেগ বৃদ্ধি কৰি তেওঁ আৰু জনায়, “দক্ষিণ আফ্রিকাত অ’মিক্রন প্রজাতি অত্যন্ত দ্রুত হাৰত বাঢ়িছে । প্রতিবেদনত দেখা যায় যে দেশখনত শিশুৱে অধিক এই ষ্ট্ৰেনত আক্রান্ত হৈছে ।” ইপিনে, এই পর্যন্ত শিশুৰ বাবে ভেকচিন উপলব্ধ হোৱা নাই । কেৱল কিছুসংখ্যক দেশে তেওঁলোকৰ শিশুক টিকা দিছে । তেওঁ লগতে কয় যে, শিশুৰ বাবে ভেকচিনৰ অনুপস্থিতি ক’ভিড-১৯ সংক্রমণ বৃদ্ধিৰ অন্যতম কাৰণ হৈ উঠিছে ।