বিত্তমন্ত্ৰী সীতাৰমণক দেশৰ সবাতোকৈ শক্তিশালী মহিলাৰ স্বীকৃতি

https specials

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আকৌ এবাৰ ভাৰতৰ সবাতোকৈ শক্তিশালী মহিলা হিচাপে স্বীকৃত হ’ল । বিশ্বখ্যাত আলোচনী ‘ফ’ৰ্বছ’ৰ শেহতীয়া প্ৰকাশিত বিশ্বৰ সবাতোকৈ শক্তিশালী ১০০ মহিলাৰ তালিকাত ৩৭ সংখ্যক স্থান লাভ কৰিলে সীতাৰমণ ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ফৰচুন ইণ্ডিয়াই প্ৰকাশ কৰা শক্তিশালী মহিলাৰ আন এখন তালিকাত শীৰ্ষ স্থান লাভ কৰিছিল ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে । ফ’ৰ্বছৰ এশজনীয়া বিশ্বৰ সবাতোকৈ শক্তিশালী মহিলাৰ তালিকাত আন দুগৰাকী ভাৰতীয় মহিলাও স্থান লাভ কৰিছে ।

সীতাৰমণৰ লগতে ৰৌচনী নাডৰে ৫২ সংখ্যক আৰু ফাল্গুনী নায়াৰে ৮৮ সংখ্যক স্থান লাভ কৰিছে । বিশ্বৰ শক্তিশালী মহিলাৰ এই তালিকাত শীৰ্ষ স্থান লাভ কৰিছে এমেজনৰ স্বত্বাধিকাৰী জেফ বেজ’ছৰ প্ৰাক্তন পত্নী মেকেঞ্জী ষ্টকে । আনহাতে, দ্বিতীয় স্থানত আছে ভাৰতীয় মূলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হৰিছ ।

Exit mobile version