কৰ’নাৰ দ্বিতীয় তৰংগত ৰেমডেচিভিৰ, ফেবি ফ্লু জাতীয় ঔষধৰ নাটনিৰ সন্মুখীন হয় ভাৰতে । অধিক মূল্যত ৰেমডেচিভিৰ ক’লাবজাৰৰ পৰা ক্ৰয় কৰিবলৈ বাধ্য হৈছিলেন বহু লোক । দেশত কৰ’না ভাইৰাছৰ অ’মিক্রন প্রজাতিৰ সংক্রমণে তৃতীয় ঢৌৰ সৃষ্টি কৰিব পালে বুলি বহু স্বাস্থ্য বিশেষজ্ঞই মত প্ৰকাশ কৰিছে । সেয়ে আজি সকলো ৰাজ্যকে কৰ’নাৰ চিকিৎসাত ব্যৱহৃত আঠবিধ ঔষধ যথেষ্ট পৰিমাণে মজুত ৰখাৰ পৰামর্শ দিলে কেন্দ্রই ।
আজি ৰাজ্যৰ স্বাস্থ্যসচিফকলৰ স’তে বৈঠকত কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে অ’মিক্রন প্রজাতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক কৰ’না পৰীক্ষণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে । ৰেপিড এন্টিজেন পৰীক্ষাৰ পৰিৱর্তে তেওঁ আৰটি-পিচিআৰ পৰীক্ষা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ কয় । আন্তর্জাতিক বিমানবন্দৰত নিয়ম অনুযায়ী পৰীক্ষা আৰু পজিটিভ নমুনা জিনম ছিকোৱেন্সত পঠোৱাত যাতে কোনো গা-এৰা মনোভাৱ দেখা নাযায়, তাৰ ওপৰতো জোৰ দিয়ে ভূষণে ।
পূৰ্বৰ ক’লাবজাৰৰ দৰে পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কৰ’নাৰ চিকিৎসাত প্রয়োজনীয় আঠবিধ ঔষধ ৰাজ্যসমূহক মজুত ৰাখিবলৈ কোৱা হৈছে বৈঠকত । সংক্রমণৰ হটস্পট বা ক্লাষ্টাৰৰ অধিক পৰীক্ষণ, পৰ্যবেক্ষণ, ঘৰে ঘৰে গৈ টিকাকৰণৰ গতি দ্ৰুত কৰিবলৈও কয় কেন্দ্রই ।
কৰ’নাৰ বিৰুদ্ধে যুঁজত স্বাস্থ্য পৰিকাঠামো উন্নয়নত কৰিবলৈ ৰাজ্যসমূহক আর্থিকভাৱে সহায় কৰিছে কেন্দ্রই । কিন্তু কেন্দ্রৰ অভিযোগ, সেইসমূহ প্রকল্পত কেন্দ্রৰ লগতে ৰাজ্যইও অর্থ দিয়াৰ কথা আছিল । কিন্তু ৰাজ্যসমূহে সেই অর্থ দিয়া নাই । তাৰ ফলত প্রকল্পসমূহৰ কাম মাজতে বন্ধ হৈ আছে ।
এই ধৰণৰ স্বাস্থ্য প্রকল্পসমূহত দ্রুত নিজৰ অংশৰ অর্থ দিবৰ বাবে ৰাজ্যসমূহক নির্দেশ দিছে কেন্দ্রই । বৈঠকত আৰু কোৱা হয়, একাধিক ৰাজ্যৰ চৰকাৰী হাস্পাতালত পিএম কেয়ার্ছ প্রকল্পৰ টকাৰে ভেন্টিলেটৰ পঠোৱা হয় যদিও সেইসমূহ এতিয়াও খুলি চোৱা নাই সংশ্লিষ্ট হাস্পাতালসমূহে । ফলত অব্যৱহৃত হৈ নষ্ট হ’বলৈ লৈছে ভেন্টিলেটৰসমূহ । বৈঠকত ইয়াৰ বাবে ৰাজ্যসমূহকে দোষাৰোপ কৰিছে কেন্দ্রই ।