২০২০ বৰ্ষত ৰাজ্যৰ ১৫শ শিশু নিৰুদ্দেশ

এনচিআৰবি প্ৰতিবেদনত উদ্বেগজনক তথ্য

5762446522318848

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ । এখন সুস্থ-সৱল সমাজ গঢ় দিয়াৰ লক্ষ্যৰে প্ৰতিখন দেশেই শিশুসকলক শাৰীৰিক-মানসিকভাৱে সবল ৰূপত গঢ়ি তুলিবলৈ পদক্ষেপ হাতত লৈছে । এনে লক্ষ্যৰে ভাৰততো ১৪ বছৰলৈ প্ৰতিজন শিশুক শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে । এনেবোৰ পদক্ষেপৰ মাজতে দেশত শিশু অপৰাধৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই অহা ঘটনাই গভীৰ আশংকাৰ সৃষ্টি কৰাৰ লগতে এক ভয়াৱহ ইংগিত প্ৰদান কৰিছে ।

শেহতীয়াকৈ নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ (এনচিআৰবি)য়ে প্ৰকাশ কৰা প্ৰতিবেদনতো এই উদ্বেগজনক তথ্য পৌহৰলৈ আহিছে । উল্লেখ্য যে বিগত বৰ্ষত দেশত ৫৯,২৬২টা শিশু নিৰুদ্দেশৰ তথ্য এনচিআৰবিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে; য’ত ২০১৯ৰ বৰ্ষৰ তুলনাত শিশু নিৰুদ্দেশৰ ঘটনা বৃদ্ধি পোৱা বুলি প্ৰকাশ ‌কৰা হৈছে ।

তথ্য অনুসৰি, ২০১৯ বৰ্ষত দেশত ৪৮,৯৭২টা শিশু নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছিল । সমান্তৰালভাৱে বিগত বৰ্ষত উল্লিখিত শিশু নিৰুদ্দেশৰ তথ্যৰ ভিতৰত ১৩,৫৬৬জন কিশোৰ আৰু ৪৫,৬৮৭ গৰাকী কিশোৰী আৰু নজন তৃতীয় লিংগ বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ।

উল্লেখ্য যে বিগত দুটা বৰ্ষত দেশত ১,০৮,২৩৪টা শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে; য’ত ১৪,৫৫৩টা ঘটনাৰে শীৰ্ষত আছে মধ্যপ্ৰদেশ । একেদৰে পশ্চিমবংগত ১৪,০৭১টা, বিহাৰত ১২,০৬৪টা, দিল্লীত ১০,৬৫৮টা এনে ঘটনা বিগত দুটা বছৰত সংঘটিত হোৱাৰ লগতে অসমতো ১,৫৬২টা শিশু নিৰুদ্দেশৰ ঘটনা তথ্যত‌ প্ৰকাশ পাইছে । এনচিআৰবিৰ তথ্য অনুসৰি, ২০২০ বৰ্ষত ৰাজ্যত ৮৭৭টা শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে, ইয়াৰে ২৫৪জন কিশোৰ, ৬২০ গৰাকী কিশোৰী আৰু তিনিজন তৃতীয় লিংগৰ ।

সমান্তৰালভাৱে ২০১৯ৰ সৰ্বমুঠ নিৰুদ্দেশৰ ভিতৰত মুঠ ৬৮৫ জন শিশুক সংশ্লিষ্ট বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত ২০২০ বৰ্ষত সৰ্বমুঠ ১,৫৬২জন শিশু নিৰুদ্দেশ হোৱা বুলি প্ৰকাশ পাইছে । সমান্তৰালভাৱে ২০২০ত নিৰুদ্দেশ হৈ থকা ১,০৮,২৩৪জন শিশুৰ ভিতৰত ‌৬৪,৫৭৩ জনক উদ্ধাৰ কৰা হৈছে আৰু ৪৩,৬৬১জন শিশু এতিয়া উদ্ধাৰ হোৱা নাই বুলি এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।

অসমৰ ক্ষেত্ৰত উদ্ধাৰৰ হাৰ ৭৮.৯ শতাংশ বুলি প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০২০ত ৰাজ্যত নিৰুদ্দেশ হৈ থকা মুঠ ১,৫৬২ জন শিশুৰ ভিতৰত ৪৫৮ জন কিশোৰ, ৭৬১ গৰাকী কিশোৰী আৰু ১৩জন তৃতীয় লিংগৰ শিশু অৰ্থাৎ ১,২৩২ শিশুক উদ্ধাৰ কৰা হৈছে । ইয়াৰ বিপৰীতে ১০৫ জন কিশোৰ আৰু ২২৫ গৰাকী কিশোৰীৰ সন্ধান পোৱা নাই বা উদ্ধাৰ হোৱা নাই বুলি এনচিআৰবিয়ে প্ৰকাশ কৰিছে ।

ইফালে, শিশু নিৰ্যাতনৰ ঘটনা দেশত উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ তথ্য‌ও এনচিআৰবিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে । তথ্য অনুসৰি, ২০২০ বৰ্ষত দেশত যৌন উৎপীড়ন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰা আইন অৰ্থাৎ পক্স’ আইনৰ ২,৮৩২৭টা ঘটনা সংঘটিত হৈছে । অসমত এই আইনৰ অধীনত অৰ্থাৎ ১,০৭৮ গৰাকী কিশোৰীয়ে যৌন উৎপীড়নৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

তথ্য অনুসৰি, ৰাজ্যত পক্স’ আইনৰ ধাৰা সন্নিৱিষ্ট হোৱা তথা যৌন উৎপীড়নৰ সন্মুখীন হোৱা উল্লিখিত কিশোৰীসকলৰ ভিতৰত ১০ গৰাকী ছবছৰৰ তলৰ, ৯১ গৰাকী ছবছৰৰ পৰা ১২ বছৰৰ ভিতৰত, ৪৬৮ গৰাকী ১২ বছৰৰ পৰা ১৬ বছৰৰ আৰু ৫০৯ গৰাকী ১৬ৰ পৰা ১৮ বছৰৰ কিশোৰী ।

উল্লেখ্য যে ৩,২৬২টা ঘটনাই এই অপৰাধৰ শীৰ্ষত আছে মধ্য প্ৰদেশ । সমান্তৰালভাৱে ৰাজ্যত বিগত বৰ্ষত ১,৬৫৮টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে । তথ্য অনুসৰি, ভুক্তভোগীসকলৰ ভিতৰত ১৮ গৰাকী ১৮ বছৰৰ তলৰ কিশোৰীৰ আৰু সমান্তৰালভাৱে ১,০০৬ গৰাকী ১৮ৰ পৰা ৩০ বছৰৰ, ৫৮৪ গৰাকী ৩০ৰ পৰা ৪৫ বছৰৰ আৰু ৫০ গৰাকী ৪৫ৰ পৰা ৬০ বছৰৰ তলৰ যুৱতী-মহিলা ।

একেদৰে এই ধৰ্ষণ কাণ্ডত অভিযুক্তসকলৰ অধিকাংশ‌ই পৰিয়াল, সম্পৰ্কীয় বন্ধু, ওচৰ চুবুৰীয়া, কৰ্মচাৰী বা জনা-শুনা লোক বুলি এনচিআৰবিৰ তথ্যত প্ৰকাশ পাইছে ।

তথ্য অনুসৰি ৰাজ্যত বিগত বৰ্ষত সংঘটিত উল্লিখিত ধৰ্ষণৰ ঘটনাসমূহৰ ভিতৰত ৮৭.৯ শতাংশ ঘটনাৰ তথ্য লাভ কৰিছে সংশ্লিষ্ট বিভাগে । এই কাণ্ড সংঘটিত কৰাসকলৰ ভিতৰত ১৭৩ জন পৰিয়ালৰ সদস্য, ৪৫৭জন অভিযুক্ত বন্ধু, বিয়াৰ প্ৰতিশ্ৰুতিৰে একেলগে থকা লোক, অনলাইনত স্থাপন হোৱা বন্ধু বুলি তথ্যত প্ৰকাশ পাইছে ।

উল্লেখ্য উ বিগত বৰ্ষটোত ৰাজ্যত সংঘটিত হোৱা ১,৬৫৭টা ধৰ্ষণ কাণ্ডৰ দুশটা ঘটনাৰ ধৰ্ষণকাৰীৰ চিনাক্ত হোৱা নাই বুলি এনচিআৰবিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ।

Exit mobile version