৮০ হেজাৰৰ সোণৰ হাৰ গিলি দুই গ্ৰাম হজম কৰিলে গৰুৱে,তাৰ পাছত কি হ’ল শুনিলে আপুনিও হ’ব আচৰিত

1630509687 cow

পৰিয়ালৰ মংগল কামনাৰে গৃহপালিত গাে-মাতাক পূজা কৰি ডিঙিত সােণৰ হাৰ পিন্ধাইছিল গৃহস্থই। অথচ খাদ্য বুলি ভাবি সেই গাে-মাতাই সােণৰ হাৰডালকে গিলি থােৱাত অৱশেষত অস্ত্রোপচাৰ কৰি উলিয়াবলগীয়া হ’ল।

বহুমূলীয়া সােণৰ হাৰডাল উদ্ধাৰ হ’লেও আশ্চর্যজনকভাৱে দুই গ্রাম ওজনৰ সােণ হজম কৰিলে সেই গৰুৰ পাকস্থলীয়ে।

অৱশ্যে মংগল কামনা কৰি আয়ােজন কৰা এই গাে-মাতাৰ পূজাৰ বাবে গৃহস্থৰ পৰিয়ালে সম্পূর্ণ এমাহ ধৰি মানসিক অস্থিৰতাত ভুগিবলগীয়া হ’ল।

এই ঘটনা সংঘটিত হৈছে কর্ণাটকৰ উত্তৰ কন্নড় জিলাৰ হেপানাহাল্লিত। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই জনােৱা মতে, হেপানাহাল্লিৰ বাসিন্দা শ্রীকান্ত হেগড়েয়ে বিগত দীপাৱলীৰ দিনা‌।

নিজগৃহতে পৰিয়ালৰ মংগল কামনা কৰি গাে-পূজাৰ আয়ােজন কৰিছিল। নিজৰে এজনী পােহনীয়া গাইৰ ডিঙিত ফুলৰ মালা আৰু ২০ গ্রাম ওজনৰ সােণৰ হাৰ পিন্ধাই হেগড়েৰ পৰিয়ালৰ সদস্যসকলে পূজা- আৰাধনা কৰে।

পূজা শেষ হােৱাৰ পাছত পৰিয়ালটোৱে ফুলৰ মালা আৰু সােণৰ হাৰডাল গাে-মাতাৰ কাষতে এৰি খােৱা- বােৱা, আনন্দ-ফুর্তি আদিত ব্যস্ত হৈ পৰে।

সকলােৰে ব্যস্ততাৰ মাজতেই গৰুজনীয়ে কাষতে থকা ফুলৰ মালাৰ লগতে সােণৰ হাৰডালাে খাই পেলালে। ইপিনে, বহু সময়লৈ তেওঁলােকে হাৰডালৰ কথা পাহৰি আছিল। পৰৱৰ্তী সময়ত হাৰডালৰ কথা মনত পৰাত হেগড়েয়ে গৰুৰ কাষত উপস্থিত হৈ দেখে যে উক্ত স্থানৰ পৰা ইতিমধ্যে হাৰডাল অন্তর্ধান হৈছে।

লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ লাগে। সকলােৰে সমগ্ৰ বাসগৃহটো তন্নতন্নকৈ চলাথ কৰিও হাৰডালৰ সন্ধান উলিয়াব নােৱৰাত অৱশেষত গৰুজনীৰ ওপৰতে সকলােৰে সন্দেহ হয়।

পৰীক্ষা কৰি চোৱাত তেওঁলােকৰ পােহনীয়া গৰুজনীয়েই যে ফুলৰ মালাৰ লগতে সােণৰ হাৰডাল ভক্ষণ কৰিলে, সেই বিষয়ত একপ্রকাৰ নিশ্চিত হ’ল পৰিয়ালটো। প্রায় ৮০ হেজাৰ টকা মূল্যৰ হাৰডাল গৰুজনীয়ে খাই পেলােৱাত পৰিয়ালটোৱে মূৰে-কপালে হাত দিলেও কৰিবলগীয়া একো নাছিল।

গতিকে হেগড়েৰ পৰিয়ালৰ এটাই আশা আছিল আৰু সেয়া হৈছে গৰুৰ গােবৰ। তেওঁলােকে ধাৰণা কৰিলে যে সােণ যিহেতু হজম হােৱা বস্তু নহয়, গতিকে গােবৰৰ স’তে বাহিৰ ওলাই আহিব।

গতিকে গােবৰলৈ অপেক্ষা কৰাৰ বাদে উপায় নাছিল। অৱশ্যে ইয়াৰ ফলত হেগড়েৰ পৰিয়ালত আন এক তৎপৰতাও আৰম্ভ হ’ল। মুহূৰ্তৰ অসতর্কতাৰ বাবে গৰুৰ পেটলৈ যােৱা হাৰডাল ঘূৰাই পােৱাৰ বাবে তেওঁলােকে অতিৰিক্ত সতর্কতা অৱলম্বন কৰিবলগীয়া হ’ল।

পােহনীয়া গৰুজনীয়ে যাতে কোনােপধ্যে ঘৰৰ বাহিৰলৈ যাব নােৱাৰে, তাৰ ব্যৱস্থা কৰা হ’ল। যাতে গৰুজনীয়ে বাহিৰত গৈ মলত্যাগ কৰিব নােৱাৰে।

ইয়াৰ বাবে ঘৰতে গৰুজনীৰ পর্যাপ্ত খােৱা-বােৱাৰ যােগানৰ ব্যৱস্থা কৰা হ’ল। খাদ্যৰ পৰিমাণে বৃদ্ধি কৰিলে, যাতে গৰুজনীৰ মলত্যাগৰ পৰিমাণে বৃদ্ধি পায়।

হেগড়ে পৰিয়ালে অতি উৎকণ্ঠাৰে গৰুজনীৰ গােবৰ নিতৌ পৰীক্ষা কৰে। অথচ এদিন, দুদিন, তিনিদিন… এইদৰে এসপ্তাহ, দুসপ্তাহ কৰি অৱশেষত যেতিয়া এমাহ অতিক্ৰম কৰিলে;তেতিয়া আৰু হেগড়েৰ ধৈৰ্যৰ সীমা চেৰাই গ’ল।

অৱশেষত তেওঁ পশু চিকিৎসক শৰণাপন্ন হ’ল। চিকিৎসকে গৰুজনীৰ পেটত স্কেন কৰি হাৰডালৰ অৱস্থান চিহ্নিত কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত গৰুজনীৰ অস্ত্রোপচাৰ সম্পন্ন কৰি সেই হাৰ উলিয়াই আনে চিকিৎসকে।

আচৰিত কথা যে গৰুজনীৰ পাকস্থলীত এমাহ থকাৰ ফলত হাৰডালৰ দুই গ্রাম ওজনৰ অংশ ক্ষয় যায়। অর্থাৎ ২০ গ্রাম ওজনৰ হাৰডালৰ ১৮ গ্রামহে উদ্ধাৰ হয়।

Exit mobile version