সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত নীলমণি ফুকনৰ কবিতা আবৃত্তি প্ৰতিযোগিতা

WhatsApp Image 2021 12 14 at 7.19.40 PM

“কবি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা জয় কৰি সমগ্ৰ অসমবাসীক, সমগ্ৰ জাতিটোকেই গৌৰৱান্বিত কৰিলে । তেওঁৰ সৃষ্টিৰাজি আমি কেনেকৈ ভৱিষ্যত প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰিম সেই কথাৰ ওপৰত গুৰুত্ব দিয়েই পৰৱৰ্তী প্ৰজন্ম আৰু বৰ্তমানৰ প্ৰজন্মৰ মাজত এটা সাকোঁ হিচাপে সৃষ্টি কৰি নীলমণি ফুকনৰ সৃষ্টিৰাজিক স্থায়ীৰূপে ৰাখিব লাগিব ।” আজি সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ত অনুষ্ঠিত নীলমণি ফুকনৰ নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতা উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয় বজালী জিলাৰ উপায়ুক্ত তথা ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ।

জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে তেওঁৰ ভাষণত কয়, ” নীলমণি ফুকনৰ সৃষ্টি সম্ভাৰে অসমীয়া সাহিত্যক কেতিয়াবাই মহিমামণ্ডিত কৰি থৈছে । কিন্তু জ্ঞানপীঠ বঁটা পোৱাৰ পাছতো প্ৰখ্যাত কবিগৰাকীৰ ৰচনা সম্ভাৰ আৰু তেওঁৰ ব্যক্তিত্বক লৈ যি ধৰণৰ আলোচনা-পৰ্যালোচনা হ’ব লাগিছিল, সেয়া বাস্তৱ ক্ষেত্ৰত হৈ উঠা নাই । এই ক্ষেত্ৰত বিভিন্ন পক্ষ‌ই যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।”

নীলমণি ফুকনৰ নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ অনুষ্ঠানে নীলমণি ফুকনৰ সৃষ্টিৰাজিৰ সুদূৰ প্ৰচাৰ আৰু প্ৰসাৰত এক যোগাত্মক অৰিহণা যোগাব বুলিও আশা প্ৰকাশ কৰে জিলা উপায়ুক্ত চৌধুৰীয়ে । মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° বিৰিঞ্চি কুমাৰ দাসে আদৰণি ভাষণ দিয়া উদ্বোধনী অনুষ্ঠানত অতিথিৰূপে অংশগ্ৰহণ কৰে । মহাবিদ্যালয়ৰ অধ্যাপক ড° হেমন্ত কুমাৰ ডেকাই তেওঁৰ ভাষণত নীলমণি ফুকনৰ কবিতাত থকা সমাজ জীৱনৰ মানৱীয় সম্পৰ্ক, ফুকনৰ কবিতাত থকা লোক জীৱনৰ ভাষা, সমন্বয়-সম্প্ৰতিৰ বাৰ্তাৰ সম্পৰ্কে বাখ্যা কৰে ।

উল্লেখ্য যে বজালী জিলা প্ৰশাসন আৰু সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত নীলমণি ফুকনৰ নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত হয় আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশ শগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ ‘গ’ শাখা ( শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে)ত মিতালী দাসে (আৰ্যভট্ট একাডেমি, সৰুপেটা) প্ৰথম, ড° দিগন্ত বৰগোহাঁইয়়ে (বি এইচ বি মহাবিদ্যালয়) দ্বিতীয়, জুুনুমা দাসে (ভালাগুৰি হাইস্কুল) তৃৃতীয় পুৰস্কাৰ লাভ কৰে ।

‘খ’ শাখাত (একাদশ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে) অৰুণাভ হাজৰিকাই (ৰামযশ কলেজ, দিল্লী বিশ্ববিদ্যালয়)প্ৰথম, অৰ্চনা দেৱীয়ে ( গুৱাহাটী কলেজ) দ্বিতীয়, মৃদুস্মান নাথে ( আৰ্যভট্ট একাডেমি, সৰুপেটা) তৃতীয় পুৰস্কাৰ লাভ কৰে । ‘ক’ শাখাত প্ৰাচী মেধিয়ে (সৰুপেটা উচ্চ মাধ্যমিক বিদ্যালয়) প্ৰথম, লভিতা মেধিয়ে (সৰুপেটা বিদ্যা মন্দিৰ হাইস্কুল) দ্বিতীয় আৰু দিব্যজ্যোতি কাশ্যপে (গোমূৰা বিদ্যা নিকেতন হাইস্কুল) তৃতীয় পুৰস্কাৰ লাভ কৰে ।

প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা প্ৰাপক সকলক বঁটা প্ৰদান কৰাৰ লগতে অনুষ্ঠানত বিচাৰকৰ আসন গ্ৰহণ কৰা কবি তুতুল মানৱ, হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত ৰাভা আৰু বৰপেটাৰ এম চি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° দিপালী ডেকাই নীলমণি ফুকনৰ কবিতাৰ ওপৰত বিশ্লেষণাত্মক বক্তৃতা প্ৰদান কৰে ।

Exit mobile version