Omicron in India : শীঘ্ৰে প্ৰতিষেধকৰ কার্যকাৰিতা হ্ৰাস পাব পাৰে, নীতি আয়োগ সদস্যৰ শংকা

india vaccine 001.0

ভাৰতত অতিমাৰী পৰিস্থিতি নিয়ন্ত্রণত আহোতেই পুনৰ উদ্বেগ বৃদ্ধি কৰিছে কৰ’না ভাইৰাছৰ নতুন ৰূপে । দেশৰ একাধিক ৰাজ্যত ইতিমধ্যে বহুকেইজন অ’মিক্রনত আক্রান্ত হৈছে । কিন্তু কৰ’নাৰ প্রতিষেধকবোৰ কৰ’না ভাইৰাছৰ এই নতুন ৰূপৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম নে ? এই বিষয়ত ইতিমধ্যে বহুতৰে মাজত প্রশ্ন উত্থাপন হৈছে । অ’মিক্রনৰ বিৰুদ্ধে চলিত টিকাবোৰে কিমান প্রতিৰোধ গঢ়ি তুলিব পাৰিব তাক লৈ মঙলবাৰে এক বণিকসভাৰ অনুষ্ঠানত সংশয় প্রকাশ কৰিছে নীতি আয়োগৰ সদস্য ভি কে পলে ।

নীতি আয়োগৰ লগতে ভি কে পল ভাৰতৰ ক’ভিড টাস্ক ফোর্চৰ অন্যতম সদস্য । প্ৰতিষেধকৰ সন্দৰ্ভত তেওঁ কয়, ‘‘সম্প্ৰতি যেনে ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে, তেনে সময়ত টিকাৰ কার্যকাৰিতা কমিব পাৰে । অ’মিক্রনৰ স’তে তিনি সপ্তাহ কটোৱাৰ পাছত আমি দেখিলো বহু বিভ্ৰাটৰ সৃষ্টি হৈছে । কিছু টিকাই হয়তো এই নতুন ৰূপৰ বিৰুদ্ধে কাৰ্যকৰী হ’ব পাৰে । কিন্তু সেয়া এতিয়াও স্পষ্ট নহয় ।’’

এনে পৰিস্থিতিত টিকাকৰণক লৈ বিকল্প উপায়ৰ কথাও কৈছে পলে । কৰ’নাৰ ৰূপৰ লগতে টিকাৰ পৰিৱর্তনৰ ক্ষেত্ৰতো প্ৰশ্ন কৰিছে । তেওঁ কয়, ‘‘সম্প্রতি কৰ’নাৰ এক নতুন ৰূপৰ সন্ধান পোৱা গৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রতিষেধকত প্রয়োজনীয় পৰিৱর্তন আনিবলৈ প্ৰস্তুত থাকিব লাগিব । কিন্তু এয়া যে তিনি মাহৰ অন্তৰত পৰিৱর্তন কৰিব লাগিব তেনে নহয় । কিন্তু বছৰত এবাৰ সেই পৰিৱর্তন কৰিবলগীয়া হ’ব পাৰে ।’’

দেশত অ’মিক্রন বৃদ্ধি পোৱাৰ আগৰ পৰাই দাবী উত্থাপিত হৈছে, কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ বুষ্টাৰ টিকা আৰম্ভ কৰক কেন্দ্র‌ই । মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ত চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে জনায় যে, এতিয়াই বুষ্টাৰ টিকা আৰম্ভ কৰাৰ কোনো পৰিকল্পনা নাই কেন্দ্রৰ । কেন্দ্রৰ লক্ষ্য প্রতিজন দেশবাসীক যেন টিকাৰ দুটা ড’জ দিয়া নিশ্চিত কৰা । আদালতত কেন্দ্র‌ই লগতে জনাইছে, প্রতিষেধক প্রদানৰ বাবে গঠিত চৰকাৰৰ দুটা বিশেষজ্ঞ কমিটীয়ে এই পর্যন্ত বুষ্টাৰ টিকা দিয়াক লৈ কোনো নির্দেশনা জাৰি কৰা নাই ।

Exit mobile version